অসম

assam

ETV Bharat / state

লখিমপুৰত অসম্পূর্ণ হৈয়ে ৰ'ল শ শ কোটি টকীয়া কেইবাখনো আঁচনি - আদৰ্শ বাণিজ্য কেন্দ্ৰ

লখিমপুৰত উন্নয়নৰ নামত চলিছে প্ৰহসন ৷ বিভিন্ন অসম্পূর্ণ আঁচনিৰে আভুৱা ভাৰি আহিছে ৰাইজক ৷ অসম্পূর্ণ হৈ পৰি ৰৈছে শ শ কোটি টকীয়া বহু কেইখন আঁচনি ৷

corruption in government scheme
লখিমপুৰত ৰূপায়ন নহ'ল শ শ কোটি টকীয়া বহু কেইখনো আঁচনি

By

Published : Oct 28, 2021, 5:57 PM IST

Updated : Oct 30, 2021, 2:48 PM IST

লখিমপুৰ, 28 অক্টোবৰ :কোনো এখন উন্নয়নমূলক আঁচনিয়ে উন্নয়ন সাধিব পৰা নাই লখিমপুৰত । শ শ কোটি টকীয়া বহু আঁচনি অসম্পূর্ণ কৰি ৰাখি উন্নয়নৰ নামত লখিমপুৰবাসীক আভুৱা ভৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷ জানিব পৰা মতে, প্ৰায় চাৰিকোটি টকাৰে ৭ বছৰ মানৰ পূৰ্বে নিৰ্মাণ সম্পূর্ণ কৰাৰ পাছতো আজিও মুকলি নহ'ল এটা তাৰকা গৃহ ।

তাৰকা গৃহটি মুকলি হোৱা হ’লে কেৱল সাধাৰণ ৰাইজেই নহয়, লখিমপুৰকে ধৰি দাতি কাষৰীয়া জিলা কেইখনৰ শিক্ষাৰ্থী সকলো উপকৃত হ’ল হেঁতেন । পিছে অজ্ঞাত কাৰণত তাৰকা গৃহটো তেনেদৰেই পেলাই ৰখা হ’ল ৷

লখিমপুৰত অসম্পূর্ণ হৈয়ে ৰ'ল শ শ কোটি টকীয়া কেইবাখনো আঁচনি

লগতে পঢ়ক:ধাৰ কৰা ধনেৰে ঘিউ-মৌ কিমান দিনলৈ !

আনহাতে, ১২০ কোটিৰো অধিক ধন ব্যয়ৰে নগৰৰ দাঁতিয়েদি নিৰ্মাণ কৰিবলৈ লোৱা বাইপাছটোৰ নিৰ্মাণ কাৰ্যও আজি পৰ্যন্ত সম্পূর্ণ নহ’ল । ইফালে নগৰখনত দিনক দিনে বৃদ্ধি হ’ব ধৰিছে যান-জঁটৰ সমস্যা । নগৰৰ দাতিয়েদি নিৰ্মাণ হ’ব লগা বাইপাছটোৰ নিৰ্মাণ সম্পূর্ণ হোৱা হ’লে চহৰৰ মাজমজিয়াত হৈ অহা যান জঁটৰ সমস্যাও দূৰ হ'ল হেঁতেন ৷

পিছে এটা দশক উকলি যোৱাৰ পাছতো ৯ কিলোমিটাৰ দৈঘ্যৰ বাইপাছটোৰ নিৰ্মাণ সম্পূর্ণ কৰিব নোৱাৰাত আশ্চর্য প্ৰকাশ কৰিছে লখিমপুৰবাসীয়ে ।

লগতে পঢ়ক:গুৱাহাটীৰ এটা অঞ্চলক কৰা হ'ল কণ্টেইনমেণ্ট জ'ন

তদুপৰি, সৌন্দর্য বৰ্ধনৰ বাবে নগৰৰ মাজমজিয়াতে স্থাপন কৰা পানীৰ এটা ফোৱাৰাৰ অৱস্থা একেই । প্ৰায় ৭ বছৰ পূৰ্বে স্থাপন কৰা ফোৱাৰাটো কেইদিনমান চলিছিল যদিও পৌৰসভাই বিদ্যুতৰ বিল দিব নোৱাৰাৰ বাবে বিদ্যুৎ কৰ্তন কৰি দিয়াৰ ফলত এতিয়া অচল হৈ পৰি আছে ফোৱাৰাটো ।

লখিমপুৰ নগৰৰ খেলমাটিত ৰাষ্ট্ৰীয় পথৰ গাতে লাগি থকা বাণিজ্য কেন্দ্ৰটো যোৱা দুটা দশক ধৰি পৰি আছে পৰিত্যক্ত অৱস্থাত ৷ মুখ্যমন্ত্ৰীৰ স্ব-নিয়োজন আঁচনিৰ অধীনত ১৭ বছৰৰ পূৰ্বেই লখিমপুৰ নগৰৰ খেলমাটিত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰায় ২২ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছিল দুখলপীয়া আদৰ্শ বাণিজ্য কেন্দ্ৰটো ৷

লগতে পঢ়ক:আকাশবাণীৰ বাতৰি পঢ়িবলৈ আৰু ঘূৰি নাহে অৱন বৰপূজাৰী

জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ তত্বাৱধানত নিৰ্মাণ কৰা কেন্দ্ৰটোৰ কোঠা সমূহ ব্যৱসায়ৰ বাবে স্থানীয় শিক্ষিত নিবনুৱা যুৱক সকল আৱন্টন দিয়াৰ লক্ষ্য আছিল । পিছে ৰহস্যজনক কাৰণত আজিও বাণিজ্য কেন্দ্ৰটোৰ কোঠাৰ আৱন্টন নিদিলে জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ কৰ্তৃপক্ষই ৷

লখিমপুৰৰ উন্নয়নৰ নামত এতিয়া এনেদৰেই শ শ কোটি টকাৰ অপচয় কৰি লখিমবাসীক আভুৱা ভৰাই অহা হৈছে । যাৰ বাবে লখিমপুৰৰ বিভিন্ন দল সংগঠন তথা সচেতন সমাজে চৰকাৰৰ সংশ্লিষ্ট বিভাগ সমূহৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে কৰিছে ক্ষোভ প্ৰকাশ ৷ এই অসম্পূর্ণ অথবা অচল আঁচনি সমূহৰ ক্ষেত্ৰত শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ, স্থানীয় জনপ্ৰতিনিধি তথা সংশ্লিষ্ট বিভাগসমূহক জনাইছে দাবী ৷

লগতে পঢ়ক:ভূটানৰ ওপৰত চীনৰ শেন চকু: সষ্টম SSB

Last Updated : Oct 30, 2021, 2:48 PM IST

ABOUT THE AUTHOR

...view details