অসম

assam

ETV Bharat / state

নাৰায়ণপুৰত ''দাম্ভিক ক'ৰণা'' শীৰ্ষক গীত উন্মোচন - awarness programme at lakhimpur

সাধাৰণ ৰাইজৰ মাজত গীতৰ মাধ্যমেৰে কৰ'ণাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত মুকলি কৰা হয় 'দাম্ভিক কৰ'ণা' শীৰ্ষক এটি বিশেষ গীত ৷

corona special song
দাম্ভিক ক'ৰনা

By

Published : May 1, 2021, 7:37 PM IST

লখিমপুৰ,১ মে':দেশজুৰি অব্যাহত আছে মহামাৰীৰ ভয়ংকৰ সংক্ৰমণ । ইয়াৰ মাজতে সজাগতা সৃষ্টিৰ লক্ষ্যৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত মুকলি কৰা হয় 'দাম্ভিক কৰ'ণা' শীৰ্ষক এটি বিশেষ গীত ৷ সাধাৰণ ৰাইজৰ মাজত গীতৰ মাধ্যমেৰে সজাগতা সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি গীতটো কথাৰে সজাইছে গহপুৰৰ সাংবাদিক,গীতিকাৰ ৰমেন বৰাই ৷ অষ্টম শ্ৰেণীত অধ্যয়নৰত কণমানি শিল্পী গুণগুণ বৰুৱাই গীতটোত কণ্ঠদান কৰি শ্ৰোতাৰ মন মুহিবলৈ সক্ষম হৈছে ৷

উদীয়মান সংগীত শিল্পী মানস প্ৰতিম বৰাই সংগীত ব্যৱস্থাপনা কৰা আৰু সংগীত মিশ্ৰণ কৰা গীতটোত সুৰেৰে অধিক মনোগ্ৰাহী কৰিছে সাংস্কৃতিক কৰ্মী প্ৰদীপ কাকতিয়ে ৷ শনিবাৰে নাৰায়ণপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ কাৰ্যালয়ত আয়োজিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত গীতটো উন্মোচন কৰে নাৰায়ণপুৰৰ জ্যেষ্ঠ সাংবাদিক জগত গগৈয়ে ৷ শিক্ষক তথা সাংস্কৃতিক কৰ্মী প্ৰশান্তজ্যোতি বৰুৱাই আঁত ধৰা সভাখনত হিমাদ্ৰী থিয়েটাৰৰ প্ৰযোজক নৱজ্যোতি শইকীয়া, কণমানি গুণগুণৰ পিতৃ-মাতৃ অতুল বৰুৱা আৰু অনিতা বৰুৱা উপস্থিত থাকে ।

সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি চলি আয়োজন কৰা উন্মোচনী সভাখনৰ আৰম্ভণিতে কৰ'ণা কালত আকস্মিকভাৱে মৃত্যুমুখত পৰা সকলৰ আত্মাৰ সদগতিৰ কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷

লগতে পঢ়ক:আলফা(স্বাঃ) লৈ মুকলি সমৰ্থন জনাই আটক তিতাবৰৰ যুৱক

ABOUT THE AUTHOR

...view details