অসম

assam

ETV Bharat / state

লখিমপুৰত জ্বলিল অগ্নিপথৰ প্ৰতিলিপি - Copy of Agnipath scheme was burnt in city center

কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচঁনিয়ে জ্বলাইছে কেইবাখনো ৰাজ্য ৷ ঠায়ে ঠায়ে সংঘটিত হৈছে ব্যাপক হিংসাত্মক ঘটনা । লখিমপুৰ নগৰৰ মাজ মজিয়াত জ্বলিল অগ্নিপথ আচঁনিৰ প্ৰতিলিপি (Protest against Agnipath in lakhimpur) । নগৰৰ মাজমজিয়াত আচঁনিখনৰ প্ৰতিলিপি দাহ কৰে DSO আৰু ADYO ৰ সদস্যসকলে (Copy of Agnipath scheme was burnt) ।

protest-against-agnipath-in-lakhimpur
লখিমপুৰত জ্বলিল অগ্নিপথৰ প্ৰতিলিপি

By

Published : Jun 20, 2022, 10:22 PM IST

লখিমপুৰ 20, জুন:কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচঁনিয়ে জ্বলাইছে কেইবাখনো ৰাজ্য ৷ ঠায়ে ঠায়ে সংঘটিত হৈছে ব্যাপক হিংসাত্মক ঘটনা । চৰকাৰে এনে ঘটনা ৰোধ কৰিবলৈ ১৪৪ ধাৰা জাৰি কৰাকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে (Section 144 imposed) । তথাপিও যেন শাম কটা নাই অগ্নিপথ আচঁনিৰ বিৰুদ্ধে ক্ষোভ ৷ এইবাৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত জ্বলিল অগ্নিপথ আচঁনিৰ প্ৰতিলিপি (Protest against Agnipath in Lakhimpur) । নগৰৰ মাজত আচঁনিখনৰ প্ৰতিলিপি দাহ কৰে DSO আৰু ADYO ৰ সদস্যসকলে (Copy of Agnipath scheme was burnt) ।

লখিমপুৰত ১৪৪ ধাৰা জাৰি থকাৰ পিছতো ৰাদপথত অগ্নিপথ আচঁনিৰ প্ৰতিলিপি জ্বলালে ডেম’ক্ৰেটিক ষ্টুডেন্ট ৰ্অগেনাইজেছন আৰু অল ইণ্ডিয়া ডেম’ক্ৰেটিক য়ুথ ৰ্অগেনাইজেছনৰ লখিমপুৰ জিলা সমিতিয়ে । ঠিকা ভিত্তিক নিযুক্তিৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বিৰোধ আৰু সকলোৰে বাবে স্থায়ী চাকৰিৰ দাবীত অগ্নিপথ আচঁনিৰ প্ৰতিলিপি দাহ কৰাৰ লগতে বিক্ষোভ কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাৰ সদস্যসকলে । প্ৰতিবাদকাৰী সংগঠন দুটাই আচঁনিখনৰ বিৰোধিতা কৰি সেনাৰ সকলো চাকৰি স্থায়ী কৰাৰ বাবে দাবী জনায় ।

লক্ষ্যণীয় যে দেশৰ বিভিন্ন ৰাজ্যত এই আচঁনিখনে জুই জ্বলাইছে । দেশজুৰি অগ্নিপথে একপ্ৰকাৰে অগ্নিগর্ভা পৰিস্থিতিৰ সৃষ্টি কৰিছে । চৰকাৰে এনে প্ৰতিবাদ ৰোধ কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কিন্তু বৰ্তমানলৈ শাম কটা নাই অগ্নিপথৰ ক্ষোভ । ক্ৰমাৎ বাঢ়িবলৈ লৈছে বিক্ষোভ কাৰ্য্যসূচী ৷ উল্লেখ্য যে, চহৰখনত জাৰি ৰখা ১৪৪ ধাৰাকো আওকাণ কৰি লখিমপুৰত আচঁনিখনৰ বিৰুদ্ধে মুকলি প্ৰতিবাদ সাব্যস্ত কৰিলে DSO আৰু ADYO ৰ সদস্যসকলে ।

লগতে পঢ়ক :কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচঁনিৰ বিৰোধীতা অসম প্ৰদেশ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details