অসম

assam

ETV Bharat / state

নাৰায়ণপুৰবাসীৰ দৃষ্টি কাঢ়িছে আৰক্ষী জোৱান চেনীৰাম গগৈয়ে - Simluguri Police station

ৰাইজৰ মাজত যান-বাহন আইনৰ সজাগতা সৃষ্টিৰ প্ৰচেষ্টাত ব্ৰতী এজন আৰক্ষী জোৱান ৷ শিমলুগুৰি আৰক্ষী চকীত কৰ্মৰত চেনিৰাম গগৈ নামৰ জোৱানগৰাকী সম্প্ৰতি হৈ পৰিছে সকলোৰে প্ৰশংসাৰ পাত্ৰ ৷

আৰক্ষী জোৱান চেনীৰাম গগৈ
আৰক্ষী জোৱান চেনীৰাম গগৈ

By

Published : Oct 31, 2021, 1:41 PM IST

বিহপুৰীয়া, 31 অক্টোবৰ :নাৰায়ণপুৰৰ এগৰাকী আৰক্ষী জোৱান । নাম চেনীৰাম গগৈ । যান-বাহন আইনৰ সজাগতা সৃষ্টিৰে দৃষ্টি কাঢ়িছে বহুজনৰ । অসম-অৰুণাচল সীমান্তৱৰ্তী শিমলুগুৰিৰ ব্যৱসায়িক কেন্দ্ৰস্থল হিচাপে পৰিচিত চাৰিআলিটোত নিৰ্মিত ট্ৰেফিক পইণ্টত শিমলুগুৰি আৰক্ষী চকীৰ জোৱান চেনিৰাম গগৈয়ে ব্যতিক্ৰমী ৰূপত ৰাইজৰ মাজত যান-বাহন আইনৰ সজাগতা সৃষ্টিৰ ক্ষেত্ৰত লোৱা পদক্ষেপে বাৰুকৈয়ে দৃষ্টি কাঢ়িছে সচেতন মহলৰ ৷

ভিতৰুৱা অঞ্চলটোৰ অধিকাংশ লোকৰ মাজত যান-বাহন আইন সম্পৰ্কীয় ধাৰণা নথকাৰ বাবে অঞ্চলটোৰ পৰা বাহিৰলৈ ওলাই গৈ বহু সময়ত নিয়ম ভংগ কৰাৰ অপৰাধত জৰিমনাৰ সন্মুখীন হোৱাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰাও দেখিবলৈ পোৱা যায় । শেহতীয়াকৈ ভিতৰুৱা অঞ্চলটোৰ জনসাধাৰণৰ সমস্যা অনুধাৱন কৰি জোৱান চেনিৰাম গগৈয়ে আৰম্ভ কৰে এই সজাগতা অভিযান ৷

যান-বাহন আইনৰ সজাগতা সৃষ্টিৰ প্ৰচেষ্টাত ব্ৰতী এজন আৰক্ষী জোৱান

শিমলুগুৰি ব্যৱসায়ী সন্থাই নিৰ্মাণ কৰা ট্ৰেফিক পইণ্টটোত চেনিৰাম গগৈয়ে নিজৰ পচন্দ মতে ৰং-তুলিকাৰে সজাই তোলাৰ লগতে চাৰিওফালে ফুলৰ টাব ৰাখি এক সুন্দৰ পৰিৱেশ গঢ়ি তোলে ৷ জনসাধাৰণৰ দৃষ্টি নিৱদ্ধ হোৱাকৈ সজাই তোলা ট্ৰেফিক পইণ্টটোত থিয় হৈ চলাচল কৰা সকলো যান-বাহনে কি দৰে নিয়ম পালন কৰিব লাগে সেই সম্পৰ্কেও জনসাধাৰণক বুজাই আহিছে গগৈয়ে ৷

জোৱানজনৰ এনে ভূমিকাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ সাধাৰণ জনতা উপকৃত হোৱাত শিমলুগুৰি ব্যৱসায়ী সন্থাকে ধৰি বিভিন্নজনে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ ৰাজ্যৰ পৰিবহণ বিভাগে জনসাধাৰণৰ মাজত যান-বাহন আইনৰ সজাগতা সৃষ্টিৰ বাবে বিজ্ঞাপন দিয়েই নিজৰ দায়িত্ব সামৰাৰ সময়তে এগৰাকী জোৱানে লোৱা এনে ব্যতিক্ৰমী পদক্ষেপ নিঃসন্দেহে সকলোৰে প্ৰশংসনীয় ৷

লগতে চাওক:অচিৰে লখিমপুৰ-গুৱাহাটীক আকাশীপথেৰে সংযোগ কৰিব ফ্লাইবিগে

ABOUT THE AUTHOR

...view details