লখিমপুৰ,১৩ মে':যত্ন কৰিলে ৰত্ন পায় । অসমীয়া সমাজৰ এই আপ্তবাক্যশাৰী আখৰে আখৰে সঁচা বুলি প্ৰমাণ কৰি দেখুৱালে লখিমপুৰৰ বিমান দাস নামৰ পিতৃহাৰা যুৱক জনে । ঘুগুনি পকৰি বেছি ঘৰ চলোৱা পিতৃহাৰা বিমানে পালে অসম আৰক্ষীৰ কনিষ্টবলৰ চাকৰি(Biman Das appointed in constable) ।
লখিমপুৰৰ বছাগাৱৰ বিমান দাসে ঘুগুনি পকৰি বেছি পঢ়াৰ খৰচ উলিওৱাৰ লগতে মাতৃসহ ভগ্নীক পোহপাল দিছিল । পঢ়া,ব্যৱসায়, ঘৰ চলোৱা আদিৰ সমানে বিমানে চলাই গৈছিল চাকৰিৰ বাবে শাৰিৰীক অনুশীলন । এই ক্ষেত্রত মাতৃয়েও দিছিল সাহস আৰু প্ৰেৰণা । আত্মবিশ্বাস, কষ্টৰ বলতে অৱশেষত বিমানে পালে কনিষ্টবলৰ চাকৰি । বৃহস্পতিবাৰে অসম আৰক্ষী কণিষ্টবল পদৰ ফলাফল ঘোষণা পিছতেই আনন্দ বন্যা বলিছে বিমান দাসৰ ঘৰত (Ray of hope in many homes) ।
উল্লেখ্য দশমান শ্ৰেণীতেই পিতৃৰ বিয়োগ হোৱাত মাক, বায়েক আৰু ভনীয়েকৰ ভৰণপোষণৰ দায়িত্ব পৰিছিল বিমানৰ ওপৰত । পথৰ কাষত ঘুগুনি পকৰি বেছি পঢ়াৰ খৰচ উলিওৱাৰ লগতে বিধবা মাতৃ, বাই-ভনীৰে ভৰা ঘৰখন চলাবলগীয়া হৈছিল বিমানে ।