অসম

assam

Congress protest : লখিমপুৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

By

Published : Mar 10, 2023, 9:50 PM IST

মূল্যবৃদ্ধিকে ধৰি আদানি গ্ৰুপৰ প্ৰৱঞ্চনা, নিবনুৱা সমস্যা আদি কেইবাটাও বিষয়ক লৈ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী (Congress protest in Lakhimpur)। লখিমপুৰত জিলা আৰু ব্লক কংগ্ৰেছৰ উদ্যোগত চৰকাৰৰ বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ । ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ ।

Congress protest
লখিমপুৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

লখিমপুৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

লখিমপুৰ ১০ মাৰ্চ : দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি অব্যাহত আছে (Price hike)। সংকটত পৰিছে দৰিদ্ৰৰ লগতে সৰ্বসাধাৰণ ৰাইজ । আনহাতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে চৰকাৰ । যাৰবাবে বিৰোধী দলসমূহে চৰকাৰৰ ব্যৰ্থতাৰ সুযোগ লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও ৰাজ্যৰ বিভিন্ন প্ৰান্তত মূল্যবৃদ্ধি, নিযুক্তি, অৰ্থনৈতিক সুৰক্ষা আদি বিভিন্ন দিশক লৈ প্ৰতিবাদ অব্যাহত ৰাখিছে (Congress protest)।

শুকুৰবাৰে লখিমপুৰতো প্ৰতিবাদ সাব্যস্ত কৰিলে জিলা কংগ্ৰেছে । লখিমপুৰ ব্লক আৰু লখিমপুৰ নগৰ ব্লক কংগ্রেছৰ উদ্যোগত চৰকাৰৰ বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নগৰৰ ডি কে ৰোডত থকা ষ্টেট বেংকৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৃষ্ঠপোষকতাত আদানিয়ে লুণ্ঠনৰাজ চলোৱা, কোটি কোটি জনতাই কষ্টৰে উপাৰ্জন কৰা ধন লুণ্ঠন কৰা, বিজেপি চৰকাৰৰ সহযোগত এল আই চি, ষ্টেট বেংক আদিৰ ধনৰ লুণ্ঠন কৰা আদি অভিযোগ তুলি কংগ্ৰেছৰ নেতা-কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (Lakhimpur congress protest)। প্ৰতিবাদৰ জৰিয়তে এই সমগ্ৰ বিষয়ত উচ্চ পর্যায়ৰ তদন্তৰ উপৰিও সাধাৰণ জনতাৰ ধনৰ নিৰাপত্তাৰ দাবী জনায় ।

লগতে দেশৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী তথা চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰেও পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদস্থলীত লখিমপুৰৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোঁহাইকে ধৰি জিলা তথা ব্লক পৰ্যায়ৰ কেইবাজনো কংগ্রেছ নেতাই ভাষণ দি বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে (Congress slams BJP)।

তেওঁলোকৰ মতে কংগ্রেছে এই প্ৰতিবাদৰ জৰিয়তে ৰাইজলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে । এই বাৰ্তা হ'ল মোডীক বিদায় দিয়াৰ বাৰ্তা । কেৱল ক্ষমতাৰ পৰাই নহয়, মোডীক ভাৰতৰ পৰাই বিদায় দিব লাগে বুলি দাবী কৰে কংগ্ৰেছ নেতা ঘন বুঢ়াগোঁহাইয়ে । মোডীৰ বাহিৰে যিকোনো দলৰ প্ৰধানমন্ত্ৰী হ'লেও কংগ্ৰেছে বেয়া নাপায় বুলিও উল্লেখ কৰি তেওঁ কয় যে যোৱা আঠটা বছৰে দলটোৱে ৰাইজক কেৱল প্ৰৱঞ্চনা হে কৰিলে ।

নিবনুৱা সমস্যা সমাধান কৰাকে ধৰি বহু নিৰ্বাচনী প্ৰতিশ্ৰুতিও চৰকাৰে পূৰণ নকৰাৰ অভিযোগ কংগ্ৰেছ নেতাগৰাকীৰ । বিজেপি দল পুনৰবাৰ ক্ষমতালৈ আহিলে সাধাৰণ ৰাইজ জীয়াই থকাই টান হৈ পৰিব বুলিও ক্ষোভ প্রকাশ কৰে কংগ্রেছ নেতাগৰাকীয়ে ।

লগতে পঢ়ক :Protest at Nalbari Barbhag college : প্ৰতিবাদমুখৰ নলবাৰীৰ বৰভাগ মহাবিদ্যালয়

ABOUT THE AUTHOR

...view details