অসম

assam

ETV Bharat / state

Lakhimpur congress protest: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে লখিমপুৰত কংগ্ৰেছৰ চাৰি ভগ্নী সংগঠনৰ প্ৰতিবাদ - আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ তলত কংগ্ৰেছৰ প্ৰতিবাদ

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাচৰে পৰা কংগ্ৰেছ দলে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ বুধবাৰে ৰাজ্যজুৰি একেই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ ভগ্নী সংগঠনসমূহে । ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো কংগ্ৰেছৰ চাৰিটা ভগ্নী সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে (Congress protest in Lakhimpur)।

Lakhimpur congress protest
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে লখিমপুৰত কংগ্ৰেছৰ চাৰি ভগ্নী সংগঠনৰ প্ৰতিবাদ

By

Published : Mar 29, 2023, 3:26 PM IST

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে লখিমপুৰত কংগ্ৰেছৰ চাৰি ভগ্নী সংগঠনৰ প্ৰতিবাদ

লখিমপুৰ, 29 মাৰ্চ: বুধবাৰে লখিমপুৰত আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ তলত কংগ্ৰেছৰ চাৰি ভগ্নী সংগঠনৰ প্ৰতিবাদ ৷ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাচৰে পৰা কংগ্ৰেছ দলে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ অসমতো কংগ্ৰেছে নিৰন্তৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপয়াণ কৰি আহিছে (Assam congress protest) ।

বুধবাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ ভগ্নী সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে লখিমপুৰতো কংগ্ৰেছৰ সংখ্যালঘু মৰ্চা, এছচি, এছটি আৰু অবিচি মৰ্চাই নগৰৰ মাজত থকা বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ষড়যন্ত্ৰমূলকভাৱে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা বুলি ক্ষোভ প্ৰকাশ কৰি কংগ্ৰেছৰ নেতৃত্বই প্ৰতিবাদস্থলীত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে (Disqualification of Rahul Gandhi)।

প্ৰধানমন্ত্ৰী মোডীক মিছলীয়া বুলি অভিহিত কৰি তেওঁৰ নেতৃত্বত বিজেপি দলে দেশখনক কেৱল পুঁজিপতিৰ বাবেহে সুচল কৰিবলৈ ব্যৱস্থা কৰা অভিযোগ উত্থাপন কৰে কংগ্ৰেছে ৷ সাধাৰণ ৰাইজক যন্ত্ৰণাত পেলাই পুঁজিপতিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ লোৱা চৰকাৰখনে সংবিধানকো উপেক্ষা কৰাৰ অভিযোগ কংগ্ৰেছৰ ৷ সংবিধানৰ মৰ্যাদা হানি কৰি বিৰোধী দলক পৰাভূত কৰিবলৈ কুন্ঠাবোধ নকৰা চৰকাৰখনে শৈক্ষিক ক্ষেত্ৰকো মাধমাৰ শোধোৱা বুলি উল্লেখ কৰে কংগ্ৰেছৰ নেতৃত্বই (Assam congress slams BJP) ৷

কাগজ, কলম, পেঞ্চিল আদিতো কৰ লগাই চৰকাৰখনে শৈক্ষিক ক্ষেত্ৰকো বিপন্ন কৰি তুলিছে বুলি অভিযোগ উত্থাপন কৰি এনে দলৰ অপশাসনৰ বিৰুদ্ধে ৰাইজক ওলাই অহাৰ আহ্বান জনায় কংগ্ৰছৰ ভগ্নী সংগঠন কেইটাই ৷ ইতিমধ্যে দেশৰ ৰাইজে বিজেপিৰ অপশাসন ওফৰাই পেলাবলৈ একগোট হৈছে বুলিও উল্লেখ কৰি ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত ৰাইজৰ সঁহাৰিয়ে এই কথা প্ৰমাণ কৰিছে বুলি মন্তব্য কংগ্ৰেছৰ ৷

কংগ্ৰেছে দাবী উত্থাপন কৰি কয় যে দেশৰ পৰা এন্ধাৰ আঁতৰি শীঘ্ৰেই পোহৰ আহিব ৷ দেশখন কাৰো ব্যক্তিগত সম্পত্তি নহয় বুলিও মন্তব্য কংগ্ৰেছৰ নেতৃত্বৰ ৷ ক্ষমতাৰ অপব্যবহাৰ কৰি বিজেপিয়ে অধিক সময় দেশ চলাব নোৱাৰে বুলি উল্লেখ কৰি অচিৰেই এই অপশাসনৰ পৰা দেশবাসী মুক্ত হ’ব বুলি কংগ্ৰেছে আশা প্ৰকাশ কৰে (Congress Jai Bharat Satyagraha) ৷

বুধবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি গগন বৰা, উপ-সভাপতি বাহাৰুল ইছলামকে ধৰি কংগ্ৰেছৰ ভগ্নী সংগঠন কেইটাৰ নেতৃত্ব তথা কংগ্ৰেছৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:Jai Bharat Satyagraha: ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ বিৰুদ্ধে কংগ্ৰেছে আৰম্ভ কৰিছে ‘জয় ভাৰত সত্যাগ্ৰহ’

ABOUT THE AUTHOR

...view details