অসম

assam

ETV Bharat / state

লখিমপুৰত ১৪৪ ধাৰাৰ মাজতে কংগ্রেছৰ প্ৰতিবাদ - লখিমপুৰ জিলা কংগ্ৰেছে

ই ডিয়ে চাৰিবাৰকৈ জেৰা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৷ কংগ্ৰেছ দলে দেশজুৰি অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ লখিমপুৰত জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি থোৱাৰ মাজতে মঙলবাৰে আৰক্ষীৰ চকুৰ সন্মুখতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা কংগ্ৰেছে ।

লখিমপুৰত ১৪৪ ধাৰাৰ মাজতে কংগ্রেছৰ প্ৰতিবাদ
লখিমপুৰত ১৪৪ ধাৰাৰ মাজতে কংগ্রেছৰ প্ৰতিবাদ

By

Published : Jun 21, 2022, 5:26 PM IST

লখিমপুৰ, ২১ জুন: লখিমপুৰত জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি থোৱাৰ মাজতে মঙলবাৰে আৰক্ষীৰ চকুৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা কংগ্ৰেছে । দলৰ নেতা ৰাহুল গান্ধীক ই ডিয়ে জেৰা কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে (Congress protest at Lakhimpur on Rahaul Gandhi ED interrogation case) ।

লখিমপুৰত ১৪৪ ধাৰাৰ মাজতে কংগ্রেছৰ প্ৰতিবাদ

জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল কৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা দিবলৈ কংগ্ৰেছ কৰ্মীৰ দলটো আগবাঢ়ে যদিও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আৰক্ষীয়ে বাধা প্ৰদান কৰে কংগ্ৰেছ কৰ্মী সকলক । জিলাখনত ১৪৪ ধাৰা জাৰি কৰি ৰখাৰ পাছতো আৰক্ষীৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছী সকলে । বিজেপিয়ে হিটলাৰী শাসন চলাইছে বুলি ধৰ্ণা দি ৰাহুল গান্ধীৰ ওপৰত চলোৱা নিৰ্যাতন বন্ধ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে কংগ্ৰেছ কৰ্মী সকলে ।

লখিমপুৰত ১৪৪ ধাৰাৰ মাজতে কংগ্রেছৰ প্ৰতিবাদ

আৰক্ষীৰ বাধা পাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ গেটৰ সন্মুখতে বিক্ষোভ প্ৰদৰ্শন কৰি আতৰি যায় প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকল । উল্লেখ্য যে কংগ্ৰেছ দলে দেশজুৰি এইধৰণৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ ইতিমধ্যে ই ডিয়ে চাৰিবাৰকৈ জেৰা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৷

লগতে পঢ়ক:শিৱসাগৰত মটক যুৱ-ছাত্র সন্মিলনৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details