অসম

assam

ETV Bharat / state

অগ্নিপথ আঁচনিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ লখিমপুৰত - Protest against Agnipath scheme Lakhimpur in Assam

দেশজুৰি অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ অব্য়াহত । ইয়াৰ মাজতে আঁচনিখন প্ৰত্য়াহাৰৰ দাবীত লখিমপুৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কংগ্রেছৰ সত্যাগ্ৰহ(Congress protest in Assam)। অগ্নিপথ আঁচনিৰে বিজেপিয়ে চমক সৃষ্টি কৰিব বিচাৰিছে বুলি কটাক্ষ কংগ্ৰেছ নেতৃত্বৰ।

lakhimpur
অগ্নিপথ আঁচনিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ লখিমপুৰত

By

Published : Jun 27, 2022, 6:41 PM IST

লখিমপুৰ, ২৭ জুন: কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অগ্নিপথ আঁচনি প্ৰত্য়াহাৰৰ দাবীত দেশৰ আন প্ৰান্তৰ লগতে অসমতো প্ৰতিবাদ অব্যাহত (Protest against Agnipath scheme Lakhimpur in Assam )। সোমবাৰে অগ্নিপথ আচনিখন প্ৰত্য়াহাৰৰ দাবীৰে লখিমপুৰত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লখিমপুৰ জিলা কংগ্রেছে ৰূপায়ন কৰে সত্যাগ্ৰহ কাৰ্যসূচী ।

অগ্নিপথ আঁচনিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ লখিমপুৰত

ইপিনে, সত্যাগ্ৰহ থলীত কংগ্রেছৰ জয় প্ৰকাশ দাস, ঘন বুঢ়াগোহাঁই আদিয়ে অংশগ্রহণ কৰি কয় যে কেৱল নিৰ্বাচনমুখী উদ্দেশ্য় আগত ৰাখি অগ্নিপথ আচনিখন গ্ৰহণ কৰা হৈছে (Jai Prakash Das, Ghana Burahgohai speak against Agnipath scheme)। চৰকাৰৰ বছৰি দুই কোটি নিবনুৱাক নিযুক্তি দিয়াৰ ঘোষণা অথলে গ'ল । ইয়াৰ পাছতো অগ্নিপথ আঁচনিৰে বিজেপিয়ে চমক সৃষ্টি কৰিব বিচাৰিছে বুলি কংগ্ৰেছ নেতৃত্বই কটাক্ষ কৰে ।

ভাৰতৰ ইতিহাসত এয়া নোহোৱা নোপোজা ঘটনা বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে কয় যে চৰকাৰে চাৰি বছৰৰ পাছত বিজেপিৰ কাৰ্যালয়ত চিকিউৰিটি গাৰ্ড কৰিব অগ্নিবীৰক । নিবনুৱাক লৈ এনেদৰে হেতালি খেলা বন্ধ কৰিবলৈ হুংকাৰ দি অগ্নিপথ আচনি প্ৰত্য়াহাৰ নকৰিলে জংগী আন্দোলন চলাই যাব বুলি চৰকাৰক সকীয়নি দিয়ে কংগ্রেছৰ নেতৃত্বই ।

লগতে পঢ়ক:বান সাহায্য বিচাৰি কাঁহী-বাতি লৈ প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details