লখিমপুৰ, 25 জুলাই : লখিমপুৰৰ বিহপুৰীয়া সমষ্টি (Bihpuria Constituency)ৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক তথা দলীয় নেতা ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah)ক অসম প্ৰদেশ কংগ্ৰেছ (Assam Pradesh Congress)ৰ সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ পাচতে উৎফুল্লিত হৈ পৰিছে লখিমপুৰৰ কংগ্ৰেছ মহল ৷ দেওবাৰে এক সংবাদমেল সম্বোধন কৰি বৰাৰ নেতৃত্বত কংগ্ৰেছেহে ৰাজ্যত আট্ছে দিন (Acche Din) আনিব বুলি উৎসাহভৰা মন্তব্য কৰে দলটোৰ নেতা-কৰ্মীসকলে ৷ সংবাদমেলত দলীয় কৰ্মীয়ে কয় যে, অচিৰেই ৰাজ্যত পৰিস্থিতি আৰু উন্নত হ'ব । ক্ষমতাত বিজেপি চৰকাৰ আছে যদিও প্ৰকৃততে চৰকাৰখন কংগ্ৰেছৰহে ৷
মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰী, কেবিনেট মন্ত্ৰীকে ধৰি প্ৰায়ভাগ মন্ত্ৰীয় কংগ্ৰেছ দলৰ পৰাই যোৱা ৷ মাথো প্ৰতীকটোহে সলনি হৈছে । দলটোৰ নতুন সভাপতি নিৰ্বাচিত কৰাৰ পাচতে মিঠাই বিতৰণ কৰি আনন্দ-উল্লাস প্ৰকাশ কৰে কংগ্ৰেছৰ কৰ্মীসকলে । সম্প্ৰতি দলটোৰ দুৰ্যোগৰ সময়ত ভূপেন কুমাৰ বৰাই দায়িত্ব লোৱাৰ বাবে অচিৰেই দলটো শক্তিশালী হৈ পৰিব বুলি মন্তব্য কৰে দলীয় কৰ্মীসকলে ।