অসম

assam

ETV Bharat / state

কংগ্ৰেছে দখল কৰিব ঠেঙাল কছাৰী পৰিষদ : প্ৰদীপ গগৈ - কংগ্ৰেছে দখল কৰিব ঠেঙাল কছাৰী পৰিষদ

তৎপৰ হৈ পৰিছে বিৰোধী দল কংগ্ৰেছ, সন্মুখত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Congress preparation for Thengal Kachari Autonomous Council election) ৷ ২০ জানুৱাৰীত মুঠ ২২ টা সমষ্টিত অনুষ্ঠিত হ'ব এই নিৰ্বাচন ৷

congress prepare for Thengal Kachari Autonomous Council election
শাসকীয় দল বিজেপিয়ে নহয় কংগ্ৰেছে দখল কৰিব ঠেঙাল কছাৰী পৰিষদ : প্ৰদীপ গগৈ

By

Published : Jan 12, 2022, 1:26 PM IST

লখিমপুৰ, 12 জানুৱাৰী :সন্মুখত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ ২২টা পৰিষদীয় সমষ্টিত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল ৩১ ডিচেম্বৰ ৷ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছিল ৩ জানুৱাৰীৰ দিনটো ৷

ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ (Thengal Kachari Autonomous Council election) বাবে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ প্ৰতিটো ৰাজনৈতিক দলে নিজা পচন্দৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ উদ্দেশ্যে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে (congress preparation for Thengal Kachari Autonomous Council election) ৷

ইফালে, শাসকীয় দল বিজেপিয়ে নহয় কংগ্ৰেছেহে দখল কৰিব ঠেঙাল কছাৰী পৰিষদ । কংগ্ৰেছে এশ শতাংশই দখল কৰিব ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ- এই দাবী কৰিলে লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি প্ৰদীপ গগৈয়ে ৷ উল্লেখ্য যে, 2022 বৰ্ষৰ ২০ জানুৱাৰীত ৰাজ্যৰ পাঁচখন জিলাক সামৰি থকা পৰিষদখনৰ মুঠ ২২ টা সমষ্টিত অনুষ্ঠিত হ'ব এই নিৰ্বাচন ৷

সন্মুখত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

শাসকীয় দল বিজেপিয়ে মিত্ৰ দল অগপৰ সৈতে যৌথভাৱে সমষ্টিসমূহত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছ দলেও প্ৰতিটো সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । এফালে মিত্ৰজোঁট আৰু আনফালে বিৰোধী দল কংগ্ৰেছৰ মাজত এই পৰিষদীয় নিৰ্বাচনত এখন থৈয়া-নথৈয়া যুঁজ পৰিলক্ষিত হ'ব ।

কিয়নো বিগত বিধানসভা নিৰ্বাচনৰ পৰাজয়ৰ পোতক তোলাৰ লগতে কংগ্ৰেছে এক সন্মানৰ বিষয় হিচাপে লৈছে এই পৰিষদীয় নিৰ্বাচনক । লখিমপুৰ পৰিষদৰ ৫ টা সমষ্টিৰ প্ৰতিটোতে কংগ্ৰেছে প্ৰাৰ্থী দিয়াৰ বিপৰীতে বিজেপি দলে চাৰিটাতে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰে ৷ তদুপৰি গেৰুৱা দলটোৱে এটা সমষ্টি অগপক এৰি দিছে ।

আনহাতে, ৫ জনকৈ নিৰ্দলীয় প্ৰাৰ্থীয়েও ভূমুকি মাৰিছে সমষ্টিকেইটাত । ইফালে জিলাখনৰ ৫ টা সমষ্টিত ঠিয় দিয়া ১৫ জনকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৯ হেজাৰ ২৯৩ গৰাকী ভোটাৰে । বৰ্তমান শাসক-বিৰোধী উভয় দলে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ দখলৰ বাবে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰস্তুতি ৷

লগতে পঢ়ক :Thengal Kachari Parishad Election: ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

ABOUT THE AUTHOR

...view details