অসম

assam

By

Published : Apr 9, 2023, 9:55 PM IST

ETV Bharat / state

Congress Mass rally: প্ৰাণ গ’লেও কণ্ঠ ৰুদ্ধ নহয় ৰাহুল গান্ধীৰ !

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰোধিতাৰে লখিমপুৰত কংগ্রেছৰ গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ আয়োজন (Congress Mass rally in Lakhimpur) ৷ ৰাহুল গান্ধীৰ নেতা হোৱাৰ বাসনা নাই, জনতাৰ হকে মাত মাতিবলৈ তেওঁৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে নোৱাৰে বুলি মন্তব্য কংগ্ৰেছৰ মুখপাত্ৰ ড৹ জয়প্ৰকাশ দাসৰ (Congress senior spoke person slams BJP)৷

Congress Mass rally
প্ৰাণ গ’লেও কণ্ঠ ৰোধ নহয় ৰাহুল গান্ধীৰ

প্ৰাণ গ’লেও কণ্ঠ ৰোধ নহয় ৰাহুল গান্ধীৰ

লখিমপুৰ, 9 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ ৰিৰোধীৰ আন্দোলন এতিয়াও অব্যাহত আছে ৷ শাসক বিৰোধী উভয়েই প্ৰতিপক্ষৰ প্ৰতি আক্ৰমণাত্মক স্থিতিত অটল আছে । বিগত দিনকেইটাত নিৰন্তৰে প্ৰতিবাদ কৰি আছে কংগ্রেছ দলে (Congress Mass rally)। ইয়াৰে মাজতে দেওবাৰে লখিমপুৰত কংগ্রেছে গণ সত্যাগ্ৰহ কাৰ্যসূচী আয়োজন কৰা হয় (Congress Mass rally in Lakhimpur)৷

এই অনুষ্ঠানত প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ মুখপাত্র ড৹ জয়প্ৰকাশ দাসে কয়, "ৰাহুল গান্ধীৰ শৰীৰত শ্বহীদৰ তেজ আছে ৷ ৰাহুল গান্ধীৰ নেতা হোৱাৰ বাসনা নাই। তেনে বাসনা থকা হলে ২০০৯ চনত ড৹ মনমোহন সিঙক প্ৰধান মন্ত্ৰীৰ আসনখন এৰি নিদিলেহেতেন । ৰাহুল গান্ধীৰ পিতৃ, আইতাক, ককাক প্ৰধানমন্ত্ৰী আছিল । তেওঁ কিন্তু তেনে এটা পৰিয়ালৰ সন্তান হৈও এতিয়া ৰাজপথে ৰাজপথে ঘূৰি ফুৰিছে । এইয়া তেওঁ সাধাৰণ জনতাৰ বাবে কৰিছে ।"

লগতে জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে কয়, "ৰাহুল গান্ধীৰ সাংসদৰ পদ খাৰিজৰ পিচতো তেওঁ কৈছে যে, দৰকাৰ হ’লে মোৰ সাংসদৰ পদটো স্থায়ীভাৱে কাৰণে খাৰিজ কৰি দিয়ক, তথাপি মই ৰাইজৰ হকে মাত মাতিম (Rahul Gandhi disqualified as MP) ৷ চৰকাৰখনে ৰাহুল গান্ধীৰ কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰিছে ৷ গণতন্ত্ৰ হত্যা কৰা হৈছে ৷ প্ৰয়োজন হ’লে তেখেতে মৃত্যুকো আঁকোৱালি ল’বলৈ সাজু আছে ৷ "

"আদানি কোম্পানীক দিয়া ২০ হেজাৰ কোটি টকা ক’ত পালে বুলি প্ৰশ্ন কৰাৰ বাবেই তেওঁৰ সাংসদ পদ খাৰিজ কৰা হ’ল । ৰাহুল গান্ধীৰ মুখ বন্ধ কৰিবলৈ না না ষড়যন্ত্র কৰা হ’ল । পিছে ৰাহুল গান্ধীৰ মুখ বন্ধ নহয়। ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি বিজেপিৰ নেতাসকলে আবোল তাবোল কথা কৈ মূল প্ৰশ্নটো ঢাকি ৰাখিব বিচাৰিছে । শাসকীয় পক্ষৰ এনে কৌশল দীর্ঘদিন নাথাকে। সজাগ জনতাই সময়ত সকলোৰে উত্তৰ দিব ।" চৰকাৰক কটাক্ষ কৰি এইদৰে মন্তব্য কৰে দাসে (Congress senior spoke person slams BJP)৷

লগতে পঢ়ক:Fake Currency Seized: বশিষ্ঠ আৰক্ষীৰ জালত নকল টকাসহ সৰবৰাহকাৰী

উল্লেখ্য এই গণ সত্যাগ্ৰহ কাৰ্যসূচীত নিখিল ভাৰত কংগ্রেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায়সহ কেইবাজনো প্ৰদেশ কংগ্রেছৰ নেতৃত্ব, জিলাৰ সভাপতি গগন বৰা সহ বহু নেতা কৰ্মীয়ে অংশগ্রহণ কৰে । গণ সত্যাগ্ৰহৰ পাচতে কংগ্রেছৰ কৰ্মীসকলে নগৰৰ মাজেৰ এক সমদল উলিওৱাৰ উপৰিও নগৰৰ বিভিন্ন স্থানত পথসভা অনুষ্ঠিত কৰে ।

ABOUT THE AUTHOR

...view details