লখিমপুৰ, ১ এপ্ৰিল :ৰাজ্যসভা নিৰ্বাচনত(Rajya Sabha Election Result 2022) একাংশ দলীয় বিধায়কৰ ভূমিকাত এতিয়া ক্ষুদ্ধ হৈ পৰিছে কংগ্ৰেছৰ নেতা-কৰ্মীসকল । এইসকল দলীয় কৰ্মীৰ বিৰুদ্ধে ক্ৰমে সৰৱ হৈ পৰিছে বিভিন্ন জিলা-কমিটিসমূহৰ নেতা-কৰ্মী ৷ লখিমপুৰ জিলা কংগ্ৰেছৰ এজন নেতা শুকুৰবাৰে মুণ্ডন কৰি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰে(Congress Leader protest at Lakhimpur) ৷
লখিমপুৰৰ ৰাজীৱ ভৱনৰ সন্মুখত মুণ্ডনেৰে প্ৰতিবাদ কৰে লখিমপুৰ জিলা কংগ্ৰেছৰ সম্পাদক ৰাতুল বৰাই । বৰাই মুণ্ডনস্থলীৰ পৰা নিলম্বিত বিধায়ক শশীকান্ত দাস আৰু বিধায়ক ছিদ্দিক আহমেদৰ বিধায়ক পদ খাৰিজৰ দাবী জনায় ৷ তেওঁ লগতে এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰাৰ পৰা কংগ্ৰেছ নেতৃত্বক বিৰত থকাৰ আহ্বান জনায় ।