অসম

assam

ETV Bharat / state

কংগ্ৰেছে সাম্প্ৰদায়িক ৰাজনীতি কৰেঃ হিমন্ত বিশ্ব শৰ্মা

তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ ভেটী দুৰ্বল, কংগ্ৰেছে গুৱাহাটীত সংবাদমেল পাতি চলি থাকে আৰু সময় সুবিধা পালেই বৰপেটা, ধুবুৰীৰ চৰত বিশেষ সম্প্ৰদায়ৰ মাজত গৈ বিশ্ৰাম লয় বুলি কংগ্ৰেছক কটাক্ষ মন্ত্ৰী হিমন্তৰ

সাম্প্ৰদায়িক ৰাজনীতি কৰে কংগ্ৰেছে

By

Published : Apr 6, 2019, 6:34 PM IST

লখিমপুৰ, 6 এপ্ৰিলঃ এসময়ত বিজেপিক সাম্প্ৰদায়িক দল বুলি প্ৰায়ে সমালোচনা কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ কংগ্ৰেছক সাম্প্ৰদায়িক দল আখ্যা ৷ জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে সকলোকে বিজেপিয়ে আঁকোৱালি লোৱাৰ বিপৰীতে কংগ্ৰেছে এটা বিশেষ সাম্প্ৰদায়িক দলক লৈয়ে ব্যস্ত থাকে বুলি কংগ্ৰেছক সমালোচনা মন্ত্ৰী শৰ্মাৰ ৷ লখিমপুৰ সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ ডুমডুমাত নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰেই কংগ্ৰেছ দলক সমালোচনা কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ ভেটী দুৰ্বল, কংগ্ৰেছে গুৱাহাটীত সংবাদমেল পাতি চলি থাকে আৰু সময় সুবিধা পালেই বৰপেটা, ধুবুৰীৰ চৰত বিশেষ সম্প্ৰদায়ৰ মাজত গৈ বিশ্ৰাম লয় বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে ২০১৪ আৰু ২০১৬ তকৈ এইবাৰ নিৰ্বাচনত অধিক ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থীসকল জয়ী হ'ব বুলিও দৃঢ়তাৰে মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

সাম্প্ৰদায়িক ৰাজনীতি কৰে কংগ্ৰেছে

আনহাতে সভাৰ মঞ্চত স্থান নোপোৱাক লৈ জিলাখনৰ জ্যেষ্ঠ তৃণমূল বিজেপি কৰ্মীৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ মঞ্চত স্থান নাপাই দুগৰাকী পুৰণি বিজেপি কৰ্মী লক্ষীমি নেওগ আৰু থানেশ্বৰ শইকীয়াই সভাৰ আৰম্ভণিতেই ত্যাগ কৰে সভাৰ স্থান ৷ লগতে ন-বিজেপিৰ দপদপনিত দল চলিছে বুলি ক্ষোভ ব্যক্ত কৰে দুই কৰ্মীয়ে ৷

ABOUT THE AUTHOR

...view details