অসম

assam

ETV Bharat / state

নাৰায়ণপুৰত ক'ভিড ভেকচিন প্ৰদানত অনিয়মৰ অভিযোগ - ভেকচিন গ্ৰহণ

ৰাজ্য চৰকাৰে ক'ৰণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কোনো কোনো ঠাইত ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কোনো কোনো ঠাইত ভেকচিন প্ৰদানত ব্যাপক অনিয়ম সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈছে ৷ বুধবাৰে নাৰায়ণপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আৰু ধলপুৰ খণ্ড প্ৰাথমিক ও সামূহিক চিকিৎসালয়কে ধৰি বিভিন্ন ঠাইত ভেকচিন প্ৰদানক লৈ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

নাৰায়ণপুৰত ক'ভিড ভেকচিন প্ৰদানত অনিয়মৰ অভিযোগ
নাৰায়ণপুৰত ক'ভিড ভেকচিন প্ৰদানত অনিয়মৰ অভিযোগ

By

Published : Apr 22, 2021, 7:12 AM IST

Updated : Apr 22, 2021, 10:15 AM IST

বিহপুৰীয়া,22 এপ্ৰিল : ক'ৰণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ভেকদিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কোনো কোনো ঠাইত ভেকচিন প্ৰদানক লৈ ব্যাপক অনিয়মৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ শেহতীয়াভাৱে লখিমপুৰৰ নাৰায়ণপুৰৰ ধলপুৰ ব্লকৰ অন্তৰ্গত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আৰু ধলপুৰ খণ্ড প্ৰাথমিক ও সামূহিক চিকিৎসালয়কে ধৰি বিভিন্ন ঠাইত ভেকচিন প্ৰদানক লৈ ব্যাপক খেলি-মেলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে ৷

নাৰায়ণপুৰত ক'ভিড ভেকচিন প্ৰদানত অনিয়মৰ অভিযোগ

ৰাইজৰ অভিযোগ অনুসৰি, ভেকচিন গ্ৰহণৰ বাবে নিজৰ নাম তালিকাভুক্ত কৰাৰ পাচতো একাংশ লোকে ভেকচিন লাভৰ পৰা বঞ্চিত হ'বলগীয়া হয় ৷ কাৰণ তালিকাত শেষৰ ফালে নাম অন্তৰ্ভুক্ত কৰা একাংশ লোকক স্বাস্থ্য কৰ্মীয়ে আগতীয়াকৈ ভেকচিন প্ৰদান কৰাৰ ফলতে বহু নিলগৰ পৰা অহা লোকসকল বঞ্চিত হোৱাৰ লগতে উভতি যাব লগীয়া হয় ৷

তদুপৰি, যিমান লোকক ভেকচিন গ্ৰহণৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছিল তাৰ তুলনাত স্বাস্থ্য বিভাগে কম পৰিমাণৰ ভেকচিন প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ যাৰ ফলত নাৰায়ণপুৰত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইফালে, এই সন্দৰ্ভত ধলপুৰ ব্লকৰ মহকুমা স্বাস্থ্য বিষয়াগৰাকীয়ে কোনো ধৰণৰ সমস্যা হোৱা নাই বুলি উল্লেখ কৰে যদিও ভেকচিন প্ৰদান আৰু গ্ৰহণৰ সময়ত কোনো ধৰণৰ সামাজিক দূৰত্ব মানি চলা পৰিলক্ষিত নহ'ল ৷

লগতে পঢ়ক: ধুবুৰী অসামৰিক চিকিৎসালয়ৰ নাৰ্চ-স্বাস্থ্য কৰ্মীৰ দেহত কৰ’ণা

Last Updated : Apr 22, 2021, 10:15 AM IST

ABOUT THE AUTHOR

...view details