অসম

assam

ETV Bharat / state

উপাৰ্জন নহয় ই ৰিক্সাৰ ঋণ ভৰি আছে এজন যুৱকে,কিন্তু কিয়? - MAHENDRA COMPANY

প্ৰসন্ন বৰা নামৰ এজন যুৱকে অৰ্থ উপাৰ্জনৰ বাবে মহেন্দ্ৰ কোম্পানীৰ পৰা ঋণ লৈ এখন ই ৰিক্সা কিনিছিল ৷ কিন্তু উপাৰ্জন নহয় ঘৰতে পেলাই থ'বলীয়া হৈছে ই ৰিক্সাখন ৷ দুৰ্ভগীয়া প্ৰসন্ন বৰাৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জৰাবাৰী গাৱঁত ।

COMPLAIN AGAINST MAHENDRA COMPANY
উপাৰ্জন নহয় ঘৰতে পেলাই থৈ ই ৰিক্সা ঋণ ভৰি আছে এজন যুৱকে, কিন্তু কিয়?

By

Published : Dec 29, 2020, 10:59 AM IST

Updated : Dec 29, 2020, 11:06 AM IST

বিহপুৰীয়া, 29 ডিচেম্বৰ:এখন ই ৰিক্সা কিনি অৰ্থ উপাৰ্জনৰ পথ বাছি লোৱা এজন যুৱকৰ জীৱনলৈ নামি আহিল অমানিশা । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জৰাবাৰী গাঁৱৰ এই দুৰ্ভগীয়া যুৱকজনৰ নাম প্ৰসন্ন বৰা ।

উপাৰ্জন নহয় ই ৰিক্সাৰ ঋণ ভৰি আছে এজন যুৱকে, কিন্তু কিয়?

নিজৰ সাঁচতীয়া কেইটামান ধন আৰু মহেন্দ্ৰ কোম্পানীৰ পৰা ঋণ লৈ কিনা ই-ৰিক্সা খন বিগত তিনি মাহেই গেৰেজতে পেলাই থ'ব লগা হৈছে । যাৰ ফলত উপাৰ্জন নহয় গাড়ীখনৰ বাবদ প্ৰতিমাহে ৮ হেজাৰকৈ ঋণৰ কিস্তি দিব লগা হোৱাত এক প্ৰকাৰৰ জুৰুলা হৈ পৰিছে যুৱকজন ।

উল্লেখ্য যে,এই ক্ষেত্ৰত মহেন্দ্ৰ কোম্পানীক তেওঁৰ দুৰ্দশাৰ কথা অৱগত কৰিছে যদিও বৰ্তমানলেকে কোনো গুৰুত্ব প্ৰদান কৰা নাই কোম্পানী কৰ্তৃপক্ষই ৷ অৱশেষত আইনৰ কাষ চপাৰ সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিছে দিশহাৰা যুৱকজনে ৷

লগতে পঢ়ক:প্ৰয়াত অধ্যাপক কোষেশ্বৰ বৰুৱাক 'ৰত্নপুৰ বঁটা' প্ৰদান

Last Updated : Dec 29, 2020, 11:06 AM IST

ABOUT THE AUTHOR

...view details