বিহপুৰীয়া, 17 এপ্ৰিল : নাৰায়ণপুৰৰ পানবাৰীৰ পাপু ভূঞাৰ ঘৰত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ নিৰ্বাচনী দায়িত্ব পালনৰ সময়তে এক দুৰ্ঘটনাত পতিত হৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি লৈছিল পাপু ভূঞাই ৷ ২৯ মাৰ্চত মেঘালয়ত এটা দুৰ্ঘটনাত পতিত হোৱা 'প্ৰাণজিত' নামৰ বাছখনৰ চালক আছিল পাপু ভূঞা ৷ নিৰ্বাচনী কৰ্তব্যৰ বাবে লখিমপুৰৰ গৃহৰক্ষী বাহিনীৰ অৰ্ধশতাধিক জোৱান কঢ়িয়াই নিয়া হৈছিল উক্ত বাছখনত ৷ লখিমপুৰৰ পৰা গৃহৰক্ষী বাহিনীৰ জোৱান লৈ কাছাৰ জিলা অভিমুখে যোৱা বাছখনে এটা কেঁকুৰী পাৰ হোৱাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৫০ ফুট তলত পৰি দুর্ঘটনাগ্ৰস্ত হৈছিল ৷
নিৰ্বাচনী কৰ্তব্যৰ মাজত নিহত বাছ চালকৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী - নিৰ্বাচনৰ দায়িত্ব পালন কৰি দুৰ্ঘটনাত নিহত হোৱা চালকৰ ঘৰত মুখ্যমন্ত্ৰী সোণোৱাল
বিগত ২৯ মাৰ্চত নিৰ্বাচনী কৰ্তব্যৰ মাজতে মেঘালয়ত এটা দুৰ্ঘটনাত নিহত হৈছিল পাপু ভূঞা নামৰ এগৰাকী বাছ চালক ৷ শনিবাৰে পাপু ভূঞাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক প্ৰশান্ত ফুকনৰ সৈতে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
শনিবাৰে পাপু ভূঞাৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে মৃত ভূঞাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ পাপু ভূঞাৰ পত্নী আৰু পিতৃয়ে দুটি কণমানি সন্তান থকা পৰিয়ালটোৰ দ্বায়িত্ব লোৱাৰ লগতে পৰিয়ালটোক এটা চৰকাৰী চাকৰি দিবৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালক কাতৰ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰী গৰাকীয়েও পৰিয়ালটোৰ দ্বায়িত্ব লোৱাৰ লগতে চৰকাৰী চাকৰি প্ৰদানৰ আশ্বাস প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীৰ লগত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক প্ৰশান্ত ফুকনৰ লগতে স্থানীয় বিজেপি প্ৰাৰ্থী ড° অমিয় কুমাৰ ভূঞা প্ৰয়াত পাপু ভূঞাৰ ঘৰত উপস্থিত থাকে ৷
লগতে পঢ়ক :বি পি এফৰ তিনি মন্ত্ৰীক লৈ ব্যাপক চৰ্চা