লখিমপুৰ, 2 ফেব্ৰুৱাৰীঃ দেওবাৰে লখিমপুৰ বিহপুৰীয়াৰ উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মায়ামৰা সমাজৰ ৩৫ সংখ্যক সমাৰোহত উপস্থিত হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী উপস্থিত হ'ল মহাপুৰুষ অনিৰুদ্ধ দেৱৰ সমাধি নাহৰআটি থানত ।
সমাধিস্থানত সেৱা জনাই হাজাৰ হাজাৰ লোকক সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা এমাহৰ ভিতৰত লখিমপুৰ জিলা প্ৰশাসনে উচ্ছেদ কৰিব থানৰ বেদখল হৈ থকা ৬০ বিঘা ভূমি । লখিমপুৰ উপায়ুক্তক এই নিৰ্দেশনা দি মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত বিছাৰিলে ৰাইজৰ সহযোগিতা ।