লখিমপুৰ, 2 জানুৱাৰীঃ বছৰ সলনি হ’ল যদিও অব্যাহত সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ ৷ বুধবাৰে নলবাৰীত মুখ্যমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন কৰা আছু কৰ্মীক আৰক্ষীয়ে বৰ্বৰ ভাৱে আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত গৃহ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ লখিমপুৰৰ আছুৰ।
লখিমপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ - গৃহ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ লখিমপুৰ
নলবাৰীত মুখ্যমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন কৰা আছু কৰ্মীক আৰক্ষীয়ে বৰ্বৰ ভাৱে আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত গৃহ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ লখিমপুৰৰ আছুৰ।
লখিমপুৰ নগৰৰ মাজমজিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে। আছু কৰ্মীৰ মন্তব্য যে শান্তিপূৰ্ণ প্ৰতিবাদ মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ হতুৱাই বিপথে পৰিচালিত কৰিছে। আনহাতে গৃহ বিভাগ মুখ্যমন্ত্ৰীৰ হাতত থকাৰ বাবে আছুৱে আজি দাহ কৰে প্ৰতিকৃতি। ইয়োৰোপৰি আছুৱে দমনমূলক নীতিৰে শান্তিপূৰ্ণ প্ৰতিবাদ বিঘ্নিত কৰিলে ৰাজ্যৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিব বুলি সকিয়নী প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালক।
আৰু পঢ়কঃনলবাৰীত আছুকৰ্মীয়ে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা