লখিমপুৰ, ২৫ জুলাই: হিংসা জৰ্জৰ মণিপুৰলৈ যোৱা নিখিল ভাৰত মহিলা ফেডাৰেশ্যনৰ ৰাষ্ট্ৰীয় সম্পাদিকা এনি ৰাজাক বিনা কাৰণে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত মঙলবাৰে দেশ জুৰি চিপিআই দলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ অসমতো আন জিলাৰ লগতে লখিমপুৰ জিলাতো চিপিআই দলে ধৰ্ণা-প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ন কৰে ।
মণিপুৰলৈ যোৱা মহিলা ফেডাৰেশ্যনৰ সম্পাদিকাক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত দেশ জুৰি চিপিআইৰ ধৰ্ণা-প্ৰতিবাদী সমদল ৷ অশান্ত জৰ্জৰ মণিপুৰলৈ শান্তিৰ বাণী লৈ যোৱা নিখিল ভাৰত মহিলা ফেডাৰেচনৰ ৰাষ্ট্ৰীয় সম্পাদিকা এনি ৰাজাক বিনা কাৰণে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত মঙলবাৰে সমগ্ৰ দেশ জুৰি চিপিআইৰ দলে ধৰ্ণা-প্ৰতিবাদী সমদল কাৰ্যসূচী গ্ৰহণ কৰে ৷
অসমতো জিলাই জিলাই চিপিআইয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ৰাজ্যৰআন জিলাৰ দৰে লখিমপুৰতো দলটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । চিপিআইৰ জিলা কাৰ্যালয়ৰ পৰা সমদল কৰি আহি চিপিআইৰ কৰ্মীসকলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে ৷