লখিমপুৰ, ২৬ জুন :কালিকা লাগিছেলখিমপুৰ মেডিকেল কলেজত । এটাৰ পাচত আনটো বিতৰ্কৰ আৱৰ্তত সোমাইছে মেডিকেল কলেজখন (Lakhimpur Medical College in controversy) । তেলৰ অভাৱত জেনেৰেটৰ চলাব নোৱাৰাৰ ফলতে প্ৰসূতিৰ মৃত্যু হোৱা ঘটনাৰ (Pregnant woman death in Lakhimpur medical college) প্ৰতিক্ৰিয়া নৌ মাৰ যাওঁতেই আকৌ বিতৰ্কত সোমাইছে লখিমপুৰ মেডিকেল কলেজ ।
এইবাৰ ৰাতিটোৰ ভিতৰতে সলনি হৈছে নৱজাতক (Child exchange case in lakhimpur medical college)৷ এটা নিশাৰ ভিতৰতে ল’ৰা সন্তান পৰিৱৰতন হ’ল ছোৱালী সন্তানলৈ ৷ এই অভিযোগ হাস্পতালখনত ভৰ্তি হৈ থকা এটা দম্পত্তিৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি হাস্পতাল চৌহদত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ৷
উল্লেখ্য যে, লখিমপুৰ মেডিকেল কলেজখনত দেৱাল ফটা (Cracks in wall of lakhimpur medical college building), ভিতৰত পানী পৰা, ইন্ধনৰ অভাৱত জেনেৰেটৰ চলাব নোৱাৰাত প্ৰসূতিৰ মৃত্যু ঘটা আদি অনেক ঘটনাৰ পাচত এইবাৰ নৱজাতক ল’ৰাৰ পৰা ছোৱালী হৈ পৰা এক আজৱ কাণ্ড সংঘটিত হৈছে ৷ ঘটনাৰ বিৱৰণি অনুসৰি, শনিবাৰে লখিমপুৰৰ ঘাৰমৰাৰ চায়ামনী দাস নামৰ এগৰাকী প্ৰসূতিক ভৰ্তি কৰোৱাৰ হৈছিল হাস্পতালখনত ৷