লখিমপুৰ, ২২ জানুৱাৰী: মৰ্মান্তিক, হৃদয় বিদাৰক ৷ এটি কৰুণ ঘটনাই মৰ্মাহত কৰি তুলিছে লখিমপুৰবাসীক ৷ লখিমপুৰৰ ২ নং ইছলামপুৰ অঞ্চলত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । দেওবাৰে বিয়লি বিদ্যুতৰ খুঁটা পৰি লখিমপুৰৰ ২ নং ইছলামপুৰ অঞ্চলৰ এটি শিশুৰ মৃত্যু হৈছে (Child died after falling on an electricity pole in Lakhimpur) ৷
মৃত শিশুটিৰ নাম হ’ল ছাহিল ৷ এজন ফকলেন অৰ্থাৎ জেচিবি চালকৰ অদূৰদৰ্শিতাৰ বাবেই প্ৰাণ গ'ল লখিমপুৰৰ ২ নং ইছলামপুৰৰ এই কণমানিটোৰ । ঘটনা সন্দৰ্ভত জানিবলৈ পৰা মতে, বিয়লি সময়ত চোতালত খেলি আছিল চাৰি বছৰীয়া শিশু ছাহিলে । চাৰি বছৰীয়া শিশু ছাহিলৰ সৈতে খেলি আছিল নেখেলে ।
কিন্তু হঠাতে অপৰিপক্ক, অনভিজ্ঞ এজন চালকৰ বাবে তেজেৰে তুমৰলি হৈ চিৰদিন নিথৰ হৈ পৰে কিছু সময়ৰ আগলৈকে হাহি মাতি আপোন পাহৰা হৈ খেলি থকা চাৰি বছৰীয়া শিশু ছাহিলে । উল্লেখযোগ্য যে, ইছলামপুৰৰ ছহিদুল ইছলামৰ পৰিয়ালে পুখুৰী খান্দিবলৈ আনিছিল ফ্ৰকলেন অৰ্থাৎ জেচিবি খন ।
পুখুৰী খান্দি থাকোতে পিতৃৰ সৈতে কাষতে আছিল ছাহিল ৷ কিন্তু হঠাতে অপৰিপক্ক, দায়িত্বজ্ঞানহীন জেচিবি চালকজনৰ বাবে বিদ্যুতৰ খুঁটা গাত বাগৰি পৰিল কণমানি ছাহিলৰ গাঁত । বিদ্যুতৰ খুঁটাৰ গুৰিৰ পৰা জেচিবি চালকজনে মাটি খহাই নিয়াৰ ফলত খুঁটা উভালি পৰে কণমানি ছাহিলৰ শৰীৰত । ফলত থিতাতে নিহত হয় কণমানি ছাহিলৰ ।