লখিমপুৰ, 30 মাৰ্চ: বুধবাৰে লখিমপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এটি 5 বছৰীয়া শিশুৱে ৷ এবছৰ পূৰ্বে আন এক দুৰ্ঘটনাত পিতৃক হেৰুৱাৰ পাছত বুধবাৰে দুৰ্ঘটনাত পতিত হৈ মৃত্য হয় শিশুটিৰ ৷ লখিমপুৰৰ লালুকৰ কাছজুলি মিৰি গাৱঁত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো (Road Accident at Lakhimpur)৷
Road Accident at Lakhimpur: লখিমপুৰত পথ দুৰ্ঘটনাত শিশুৰ মৃত্যু - লখিমপুৰত পথ দুৰ্ঘটনাত শিশুৰ মৃত্যু
বুধবাৰে লখিমপুৰত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এটি শিশুৰ ৷ অনুজ্ঞাপত্ৰবিহীন চালকে দুৰ্ঘটনাটো সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে (Road Accident at Lakhimpur)৷
লখিমপুৰত পথ দুৰ্ঘটনাত শিশুৰ মৃত্যু
তীব্ৰবেগী এল্ট’ বাহনৰ খুন্দাত থিতাতে নিহত হয় ৰাঘৱ পাৱে নামৰ শিশুটি । দুৰ্ঘটনাৰ পাছতেই অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS 07 J 3170 ৷ এটা বছৰৰ ভিতৰতে পিতৃ আৰু কনমানি পুত্ৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলত ৷ অভিযোগ অনুসৰি অনুজ্ঞাপত্ৰবিহীন চালকে সংঘটিত কৰে এই ভয়ংকৰ দুৰ্ঘটনা ৷ ঘটনা সন্দৰ্ভত লালুক আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
লগতে পঢ়ক:দোকানত সোমাল চিমেণ্ট ভৰ্তি ট্ৰাক