ষঠ পূজা উপলক্ষে ব্যাপক আনন্দ-উলাহ লখিমপুৰ, 19 নৱেম্বৰ : লখিমপুৰত ষঠ পূজা উপলক্ষে উখল-মাখল পৰিৱেশ ৷ জিলাখনৰ 46 টা ঘাট আৰু মন্দিৰত দেওবাৰে ষঠ পূজাৰ আয়োজন কৰা হৈছে ৷ মূলত হিন্দীভাষী লোকসকলৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰা এই ষঠ পূজা উপলক্ষে ব্যাপক উৎসাহ ভৰা পৰিৱেশৰ সৃষ্টি হয় ৷
জিলাখনৰ লখিমপুৰ সদৰ থানাৰ এলেকাত 9 ঠাইত, নাৰায়ণপুৰ থানা এলেকাত 2 ঠাইত, বিহপুৰীয়া থানা এলেকাত 10 ঠাইত, লালুক থানা এলেকাত 9 ঠাইত, বগীনদী থানা এলেকাত 6 ঠাইত, ঢকুৱাখনা থানা এলেকাত 5 ঠাইত, ঘিলামৰা থানা এলেকাত 4 ঠাইত আৰু পানী গাঁও থানা এলেকাত 1 ঠাইত এই পূজা আয়োজন কৰা হৈছে ৷ মূলত সূৰ্য দেৱতাৰ সন্তষ্টিৰ হকে এই পূজা পালন কৰা হয় ৷ তিনিদিন ধৰি কঠোৰ ব্ৰত পালনৰ অন্তত পুৰুষ-মহিলা উভয়েই সূৰ্য দেৱতাৰ সন্তুষ্টিৰ হকে নৈৰ ঘাট সমূহত পূজা কৰে ৷
উল্লেখ্য যে, এই পূজা সূৰ্য অস্ত আৰু উদয়ৰ সময়ত কৰা হয় ৷ দেওবাৰে সূৰ্যাস্তৰ সময়ত আৰু সোমবাৰে সূৰ্যোদয়ৰ সময়ত এই পূজা আয়োজন কৰা হৈছে ৷ পূজা উপলক্ষে যিহেতু নিশাৰ পৰাই বিভিন্ন পূজা ঘাটত ভক্তৰ ভিৰ হ’ব সেয়েহে নিৰাপত্তাৰ বাবে সষ্টম হৈ পৰিছে জিলাৰ আৰক্ষী বিভাগ ৷ পূজা ঘাটসমূহত তন্নতন্নকৈ চকু দিয়াৰ লগতে আৰক্ষী আৰু আৰক্ষীৰ বিশেষ শাখাৰ লোকক নিয়োগ কৰা হৈছে ৷
ভক্তৰ সুৰক্ষাৰ বাবে আৰক্ষীয়ে বিভিন্ন সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷ অনুকুল বতৰ লাভ কৰি ভক্তপ্ৰাণ ৰাইজ ষঠ পূজাৰ ভক্তিমাৰ্গত নিজকে বিলীন কৰি দিছে ৷ নগৰৰ খেলমাটি এলেকাৰ সোমদিৰি নৈৰ ঘাটত বিয়লিৰ পৰা বিৰ দি বাট নোপোৱা অৱস্থা সৃষ্টি হয় ৷ সকলোৱে নৈৰ ঘাটৰ পূজা স্থলীত সূৰ্য দেৱতাৰ সন্তষ্টিৰ হকে পূজা কৰিবলৈ উবুৰি খাই পৰে ৷
লগতে পঢ়ক :নলবাৰীৰ বৰতলাত বাইকৰ মুখামুখি সংঘৰ্ষত আহত তিনি