অসম

assam

By

Published : Jan 15, 2021, 7:46 PM IST

ETV Bharat / state

হিমন্ত বিশ্বক প্ৰত্যাহ্বানঃ অখিল গগৈক মুক্তি দি সন্মুখ সমৰত নামক

বিহপুৰীয়াত উপস্থিত হৈ অসম চৰকাৰৰ অন্যতম প্ৰতাপী মন্ত্ৰী গৰাকীক এই প্ৰত্যাহ্বান জনাইছে ৰাইজৰ দলৰ নৱ নিযুক্ত কেন্দ্ৰীয় সমিতিৰ সম্পাদক অনুপজ্যোতি শইকীয়া

challange-to-minister-himanta-bishwa-sarma-by-anup-saikia
হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ প্ৰত্যাহ্বানঃ সাহস আছে যদি অখিল গগৈক মুক্তি দি সন্মুখ সমৰত নামক

বিহপুৰীয়া,15 জানুৱাৰী: 2021ৰ বিধানসভা নিৰ্বাচনকলৈ ইতিমধ্যে ৰাজনৈতিক দল সমুহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ বিশাল জনসভা তথা বিভিন্ন আঁচনি ঘোষণাৰে শাসানাধীষ্ঠ দল বিজেপিয়ে চমক সৃষ্টি কৰি থকাৰ সমান্তৰালকৈ তৎপৰ হৈ পৰিছে ৰাজ্যত নতুনকৈ জন্ম লাভ আঞ্চলিক ৰাজনৈতিক দল সমুহো ৷ ইতিমধ্যেই ৰাজ্যত আৰম্ভ হৈছে ৰাজনৈতিক নেতা-পালিনেতাৰ মুখ চুপতি,সমালোচনা আৰু প্ৰতি সমালোচনা ৷ ইয়াৰ মাজতে শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাইজৰ দলৰ নৱ নিযুক্ত কেন্দ্ৰীয় সমিতিৰ সম্পাদক অনুপজ্যোতি শইকীয়া ৷ সাহস আছে যদি অখিল গগৈক মুক্তি দি সন্মুখ সমৰত নামিবলৈ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে নেতাগৰাকীয়ে ৷

হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ প্ৰত্যাহ্বানঃ সাহস আছে যদি অখিল গগৈক মুক্তি দি সন্মুখ সমৰত নামক

উল্লেখ্য যে,মৰাণত অনুষ্ঠিত হোৱা জাতীয় অভিৱৰ্তনত ৰাইজৰ দলৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত পোনপ্ৰথম বাৰৰ বাবে গৃহ সমষ্টি বিহপুৰীয়াত উপস্থিত হয় অনুপজ্যোতি শইকীয়া ৷ নেতা গৰাকীক সমষ্টিটোৰ দুৱাৰ মুখ স্বৰূপ বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল হাৱাজানৰ পৰা প্ৰায় দুই শতাধিক সমৰ্থক-শুভাকাংক্ষীয়ে 15নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাইক ৰেলীৰে আদৰি আনে ৷ ৰাইজৰ দল জিন্দাবাদ,অখিল গগৈক মুক্তি দিয়ক,অনুপজ্যোতি শইকীয়া জিন্দাবাদ,বিজেপি গ'বেক আদি শ্ল'গানেৰে সমগ্ৰ পথছোৱা উত্তাল কৰি তোলে সমৰ্থকসকলে ৷

লগতে পঢ়কঃশীঘ্ৰেই মুকলি হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোট

ABOUT THE AUTHOR

...view details