বিহপুৰীয়া, 9 মে': ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আদৰণি জনাইছে বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰাই ৷ নাৰায়ণপুৰত দলীয় কৰ্মীৰ সৈতে আনন্দ উল্লাস কৰি সংবাদ মাধ্যমৰ আগত নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে নতুনকৈ গঠন হ'ব লগা মন্ত্ৰীসভাখনলৈ শুভেচ্ছা জ্ঞাপন কৰে কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷
নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীক লৈ নাৰায়ণপুৰত কিষাণ মৰ্চাৰ আনন্দ উৎসৱ - ৰাজ্যিক কিষাণ মৰ্চা
নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আদৰণি বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰাৰ ৷ নাৰায়ণপুৰস্থিত হিমন্ত বিশ্ব শৰ্মা ফল'ৱাৰ্চ কাৰ্যালয়ত ইজনে সিজনক মিঠাই খুৱাই আনন্দ উল্লাস উদযাপন ৷
![নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীক লৈ নাৰায়ণপুৰত কিষাণ মৰ্চাৰ আনন্দ উৎসৱ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীক লৈ নাৰায়ণপুৰত কিষান মৰ্চাৰ আনন্দ উৎসৱ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11697670-thumbnail-3x2-aaa.jpg)
নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীক লৈ নাৰায়ণপুৰত কিষান মৰ্চাৰ আনন্দ উৎসৱ
নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীক লৈ নাৰায়ণপুৰত কিষান মৰ্চাৰ আনন্দ উৎসৱ
এগৰাকী মনে বিচৰা মুখ্যমন্ত্ৰী লাভ কৰি খুবেই আনন্দিত বুলি উল্লেখ কৰি ৰাজ্যিক কিষাণ মৰ্চাৰ সভাপতি গৰাকীয়ে সকলৰে সহযোগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰখনে উন্নয়নৰ পূৰ্বৰ গতিধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হ'ব বুলিও সজোৰে দাবী কৰে ৷ আনহাতে নাৰায়ণপুৰৰ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগীসকলেও পচন্দৰ নেতাজনক মুখ্যমন্ত্ৰী হিচাপে লাভ কৰি আনন্দত মতলীয়া হোৱা দেখা যায় ৷ নাৰায়ণপুৰস্থিত হিমন্ত বিশ্ব শৰ্মা ফল'ৱাৰ্চ কাৰ্যালয়ত ইজনে সিজনক মিঠাই খুৱাই আনন্দ-উল্লাস কৰা দেখা যায় ৷