লখিমপুৰ, ২১ জুন: জোৰদাৰ গতিত চলিছে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ৷ নগাঁৱৰ পিচতে এইবাৰ লখিমপুৰত বাহৰ পাতিছে চিবিআইৰ দলে ৷ মঙলবাৰে সন্ধ্যাৰ পৰা লখিমপুৰৰ আৱৰ্ত ভৱনত বাহৰ পতা চিবিআইৰ দলে বুধবাৰৰ পুৱাৰ পৰা কেইবাজনকো জেৰা চলায়। জোনমনি ৰাভাক তথ্য যোগান ধৰা হাচিনা বেগমৰ পৰা জোনমনি ৰাভাক দিবলৈ টকা ধাৰ কৰা বুলি নাম উল্লেখ কৰা কেইবাগৰাকী মহিলাকো জেৰা কৰে চিবিআইৰ দলটোৱে।
উল্লেখ্য যে, জোনমনি ৰাভাৰ মৃত্যু ঘটনাৰ তদন্ত কৰিবলৈ অহা চিবিআইৰ দলটোৱে মঙলবাৰৰ পৰা লখিমপুৰ আৱৰ্ত ভৱনত বাহৰ পাতি আছে। মঙলবাৰে জিলাখনত উপস্থিত হৈয়েই বৰচলাৰ আমিনা খাতুনৰ ঘৰত অভিযান চলাই চিবিআইৰ দলটোৱে আমিনা খাতুনৰ ভাষ্য গ্ৰহণ কৰিছিল ৷ বুধবাৰে পুৱাৰ পৰা জিলাখনৰ নতুন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ সৈতে বৈঠকত মিলিত হয় চিবিআইৰ দলটো। তাৰ পিচতে আৱৰ্ত ভৱনতে ইজনৰ পিছত সিজনকৈ কেইবাজনো চিবিআইৰ দলটোৱে কেইবাজনকো জেৰা চলায় ৷
উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ পিচতে হাচিনা বেগমে দীৰ্ঘদিন ধৰি অঞ্চলটোত নকল সোণ, জালনোটৰ বেহাত জড়িত সকলৰ বিৰুদ্ধে মাত মাতি আহিছিল। তেওঁ এনে কাৰ্যত জড়িত লোকক আৰক্ষীৰ ওচৰত ধৰাই দিয়াৰো ভুমিকা পালন কৰিছিল ৷ জোনমনি ৰাভাই লখিমপুৰত চলোৱা অভিযানৰ তথ্য তেওঁৱেই দিয়া বুলিও দাবী কৰিছিল।
ইয়াৰোপৰি আমিনা খাতুনৰ ডাঙৰ পুত্র আহমেদ আলী সহ বৰচলাৰ চাজিনা খাটুন, ৰজিবুল আদি কেইবাগৰাকীক চিবিআইয়ে আৱৰ্ত ভৱনলৈ তলব কৰি আনে। জোনমনি ৰাভাই লখিমপুৰৰ বৰচলাৰ আমিনা খাতুনৰ ঘৰত অভিযান চলাই আমিনা খাতুনৰ সৰু পুত্র আজগৰ আলীক আটক কৰি নিয়াৰ লগতে ডাঙৰ পুত্র আহমেদ আলীৰ গাড়ীখন লৈ গৈছিল বুলি ব্যক্ত কৰিছিল মাতৃ আমিনাসহ পুত্ৰ আজগৰে ৷