অসম

assam

ETV Bharat / state

ধলপুৰত অবৈধ গৰুভৰ্তি ট্ৰাক জব্দ

ধলপুৰ সাপ্তাহিক বজাৰৰ পৰা 42 টাকৈ গৰু ট্ৰাকেৰে বহিঃৰাজ্যলৈ ৰপ্তানিৰ বাবে নিয়া অৱস্থাতে মঙলবাৰে পুৱতি নিশা ধলপুৰ আৰক্ষীয়ে জব্দ কৰে ৷ লগতে তিনিজনকৈ চোৰাং ব্যৱসায়ীকো আটক কৰে আৰক্ষীয়ে ৷

As_BHP_802_ILLEGAL_TRADE_OF_COW_ASC10039
ধলপুৰত অবৈধ গৰুভৰ্তি ট্ৰাক জব্দ

By

Published : Feb 16, 2021, 4:54 PM IST

লখিমপুৰ, 16 ফেব্ৰুৱাৰী: মঙলবাৰে পুৱতি নিশাই লখিমপুৰৰ ধলপুৰ সাপ্তাহিক বজাৰত উদ্ধাৰ কৰা হয় চোৰাং গৰুভৰ্তি ট্ৰাক ৷ ধলপুৰ সাপ্তাহিক বজাৰৰ পৰা 42 টাকৈ গৰু ট্ৰাকেৰে বহিঃৰাজ্যলৈ ৰপ্তানিৰ বাবে নিয়া অৱস্থাতে ধলপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ ট্ৰাকখনৰ সৈতে তিনিজনকৈ চোৰাং বেপাৰীকো আটক কৰিছে আৰক্ষীয়ে ৷

ধলপুৰত অবৈধ গৰুভৰ্তি ট্ৰাক জব্দ

লখিমপুৰৰ পশুপ্ৰেমী যুৱক উজ্বল ভূঞাৰ প্ৰচেষ্টাত গৰুৰ এই চোৰাং বেহাৰ কথা পোহৰলৈ আহে ৷ আনহাতে, আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন কৰে কেইবাটাও চোৰাং বেপাৰী ৷

ধলপুৰ সাপ্তাহিক বজাৰৰ পৰা শতাধিক গৰু ক্ৰয় কৰি বেপাৰী কেইটাই দলগাওঁ হৈ বাংলাদেশলৈ নিয়াৰ চেষ্টা চলাইছিল ৷ আটকাধীন বেপাৰী কেইটা ক্ৰমে জাৱেদ আলি, মগৰ আলি আৰু জামাত আলি ৷

লগতে পঢ়ক-আলফাৰ দ্বাৰা অপহৃত কৰ্মচাৰীৰ মুক্তিৰ আজি শেষ দিন

ABOUT THE AUTHOR

...view details