বিহপুৰীয়া, 7 এপ্ৰিল : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰত বুধবাৰে নিশা সংঘটিত হৈছে গুলীচালনা(Encounter at Dhalpur) ৰ ঘটনা ৷ পশুধনৰ চোৰাং ব্যৱসায়ত জড়িত সৰবৰাহকাৰীক উদ্দেশ্যি এইবাৰ চলিল ধলপুৰ আৰক্ষীৰ গুলী ৷ এই গুলীচালনাৰ ঘটনাত দুজনকৈ সৰবৰাহকাৰীৰ ভৰিত গুলী লাগি আহত হোৱা (Cattle smuggler injured at police Encounter) বুলি জানিব পৰা গৈছে ৷ বিপৰীতে তিনি সৰবৰাহকাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ আহত দুগৰাকী ক্ৰমে মহম্মদ বদৰ আলী আৰু আবাদুল ইছলাম বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ৷
বুধবাৰে নিশা সংঘটিত এই ঘটনাত আৰক্ষীয়ে মুঠ ছয় ৰাউণ্ডকৈ গুলী কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ উক্ত ঘটনাৰ পিছতে আহত সৰবৰাহকাৰী দুজনক চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল(LMCH) লৈ প্ৰেৰণ কৰিছে ৷ আহত সৰবৰাহকাৰী দুজনৰ ঘৰ ক্ৰমে দৰং জিলাৰ বেচিমাৰী আৰু পানীখাইতি অঞ্চলত ৷