অসম

assam

ETV Bharat / state

লখিমপুৰত পাঁচ চোৰাং গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ

গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ আৰক্ষী প্ৰশাসন(Police against cattle smuggling) । কিন্তু তথাপিও যেন কেৰেপেই নকৰে গো-মাফিয়াই । নিতৌ ন ন কৌশলৰে চলাই গৈছে গৰুৰ চোৰাং বেহা (Cattle smuggling in Assam)। পুনৰ লখিমপুৰত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক ।

Police against cattle smuggling
লখিমপুৰত পাঁচ চোৰাং গৰু সৰবৰাহ কাৰী গ্ৰেপ্তাৰ

By

Published : Apr 23, 2022, 5:50 PM IST

লখিমপুৰ,২৩ এপ্রিল: ৰাজ্য চৰকাৰ অথবা আৰক্ষী বিভাগে গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ হৈ ব্যৱস্থা গ্রহণ কৰিছে যদিও কেৰেপ কৰা নাই চোৰাং ব্যৱসায়ীয়ে(Police against cattle smuggling) । নিতৌ অসংখ্য চোৰাং গৰু জব্দ কৰা নাইবা চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ খবৰ ওলাই থকাটোৱে এই কথাকেই যেন প্ৰমাণ কৰিছে ।

শুকুৰবাৰে নিশাও লখিমপুৰত আৰক্ষীৰ জালত পৰে পাঁচটাকৈ গৰুৰ চোৰাং সৰবৰাহকাৰী(Five cattle smugglers in police nets) । লগতে আৰক্ষীয়ে দুখন ট্ৰাকৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বহিঃৰাজ্যলৈ সৰবৰাহ কৰিবলৈ নিয়া ৪৯ টা গৰু । লখিমপুৰৰ লালুকত যোৱা নিশা আৰক্ষীয়ে চলাই এই সফল অভিযান ।

লখিমপুৰত পাঁচ চোৰাং গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ

অভিযান কালত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ক্ৰমে সুৰুজ আলি,আৰ্চাদুল ইছলাম,চফিউৰ ইছলাম,ৰফিকুল ইছলাম,আৰু বাবৰ আলি নামৰ ৫ টাকৈ গৰু সৰবৰাহকাৰীক । জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে AS17B2564, AS09AC 5718 ।

লালুক আৰক্ষীয়ে ৰাজপথত চলোৱা নৈশ তালাচীত জব্দ হয় গৰু ভৰ্তি ট্ৰাক দুখন । তেওঁলোকে ধেমাজি জিলাৰ চিলাপথাৰ আৰু লখিমপুৰৰ বঙালমৰাৰ পৰা দুখনকৈ ট্ৰাকত এই গৰুখিনি নি বহিঃৰাজ্যত বিক্ৰী কৰাৰ চেষ্টা চলাইছিল যদিও সফল নহ’ল । গ্ৰেপ্তাৰ কৰা চোৰাং গৰু ব্যৱসায়ী কেইটাৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে আইনী ব্যৱস্থা গ্রহণ কৰিছে ।

লগতে পঢ়ক:গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

For All Latest Updates

ABOUT THE AUTHOR

...view details