অসম

assam

By

Published : Sep 2, 2021, 3:08 PM IST

ETV Bharat / state

লখিমপুৰত মহিলা সুৰক্ষা বিধেয়ক প্ৰৱৰ্তনৰ দাবীৰে ‘মৌন পোহৰ সমদল’

লখিমপুৰত মহিলা সুৰক্ষা বিধেয়ক প্ৰৱৰ্তনৰ দাবীৰে ‘মৌন পোহৰ সমদল’ কাৰ্যসূচী ৰূপায়ন দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ(Anti corruption youth Assam) । ৰাজ্যত কিশোৰী-মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে গো সুৰক্ষা আইনৰ সমান্তৰালকৈ মহিলাৰ সুৰক্ষাৰ হকে আইন প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক আহ্বান জনায় সংগঠনটোৱে ৷

candle-rally-for-demand-of-women-protection-bill-in-lakhimpur
মৌন পোহৰ সমদল

লখিমপুৰ, 2 ছেপ্তেম্বৰ: ৰাজ্যত মহিলা সুৰক্ষা বিধেয়ক প্ৰৱৰ্তনৰ দাবী দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ(Anti corruption youth Assam) । বুধবাৰে সন্ধিয়া ভাগত লখিমপুৰ নগৰৰ ৰাজপথত ‘মৌন পোহৰ সমদল’ কাৰ্যসূচী ৰূপায়ন কৰি এই দাবী জনায় সংগঠনটোৱে । মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াকে ধৰি অকাল মৃত্যুক সাৱতি লোৱা কিশোৰী, যুৱতী, মহিলাৰ সদগতি কামনাৰ্থে সংগঠনটোৱে উলিয়ালে মৌন পোহৰ সমদল ৷

মৌন পোহৰ সমদল

সমদলত অংশ লৈ ৰাজ্যত কিশোৰী-মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনা প্ৰবাহত উদ্বেগ প্ৰকাশ কৰি মহিলা সুৰক্ষা বিধেয়ক প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ধৰ্মকান্ত গগৈয়ে । ৰাজ্যত প্ৰতিদিনে 5 টাকৈ এনে ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ।

মৌন পোহৰ সমদল

গো সুৰক্ষাৰ সমান্তৰালকৈ মহিলাৰ সুৰক্ষাও নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনায় সংগঠনটোৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে । ইয়াৰোপৰি তেওঁ জনমত গঠনৰ হকে বিভিন্ন দল-সংগঠনক দাবী কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:দেৱনাগৰী লিপি চুক্তিত অন্তৰ্ভুক্ত হ’লে জ্বলিব পাহাৰ : ৰবীন্দ্ৰ ৰংপি

ABOUT THE AUTHOR

...view details