অসম

assam

By

Published : Dec 6, 2019, 11:43 PM IST

ETV Bharat / state

ৰাজ্যজুৰি দল-সংগঠনৰ কেবৰ বিৰোধিতাৰে গণ বিক্ষোভ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে CAB বাতিলৰ দাবীত মৰিয়নীতো অব্যাহত আছে প্ৰতিবাদ । বিধেয়কখন বাতিলৰ দাবীত শুকুৰবাৰে মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়িত কৰে বিক্ষোভ কাৰ্যসূচী । একেদৰে প্ৰতিবাদত উত্তাল হ'ল লখিমপুৰ । বিভিন্ন দল সংগঠনে চৰকাৰৰ আৰু কেবৰ বিৰোধিতাৰে উত্তপ্ত কৰি তোলে লখিমপুৰৰ ৰাজপথ ।

কেব বিৰোধী বিক্ষোভ
কেব বিৰোধী বিক্ষোভ

নিউজ ডেস্ক, 6 ডিচেম্বৰ: অসমৰ দল-সংগঠন, জনতাৰ বহু আবেদন-নিবেদন বিক্ষোভৰ মাজতো কেন্দ্ৰীয় কেবিনেটে বিতৰ্কিত বিধেয়কখন অনুমোদন জনোৱাৰ পিচত ক্ষোভত ফাটি পৰিছে অসমৰ দল- সংগঠন ৷ শুকুৰবাৰে সন্ধিয়া মৰিগাঁও জিলা মুখ্য ডাকঘৰৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেক'লা পতাকা উত্তোলন কৰাৰ লগতে কেব যদি গৃহিত হয় পৰবৰ্তী সময়ত ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি কেন্দ্ৰক সকীয়াই দিয়ে ৷

ৰাজ্যজুৰি কেব বিৰোধী বিক্ষোভ

ধেমাজি জিলাতো আছুৰ আঞ্চলিকৰ শাখা সমিতিসমূহে চাৰি মন্ত্ৰীক বিদ্যুতৰ তাঁৰত ওলোমাই সাৱ্যস্ত কৰে প্ৰতিবাদ ৷ ধেমাজি জিলা সমিতিৰ অন্তগৰ্ত হাতীগড় শাখা সমিতিৰ আছু কৰ্মীসকলে ১৫ নং ঘাইপথৰ ওপৰৰ উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত সোণোৱাল, হিমন্ত , অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি কেব বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

ৰাজ্যজুৰি কেব বিৰোধী বিক্ষোভ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে CAB বাতিলৰ দাবীত মৰিয়নীতো অব্যাহত আছে প্ৰতিবাদ । বিধেয়কখন বাতিলৰ দাবীত শুকুৰবাৰে মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়িত কৰে বিক্ষোভ কাৰ্যসূচী । একেদৰে প্ৰতিবাদত উত্তাল হৈ পৰিছে লখিমপুৰ জিলা । বিভিন্ন দল সংগঠনে চৰকাৰৰ আৰু কেবৰ বিৰোধিতাৰে উত্তপ্ত কৰি তোলে লখিমপুৰৰ ৰাজপথ । জিলাখনৰ মালপানী চাৰিআলিত মোডী, ৰাজ্যৰ মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীয়ে ৷ ৰাজ্যৰ আন-আন ঠাইৰ লগতে কাৰ্বি আংলং আৰু বিশ্বনাথতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৩০ টা জনগোষ্ঠীৰ সংগঠনে ৷ আনহাতে ছাত্ৰসমাজৰ পিচত এইবাৰ বিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে ওলাই আহিল গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষকসমাজ ।ৰাইজৰ বিপক্ষে নাযাবলৈ চৰকাৰক সকীয়াই দিয়ে শিক্ষকসমাজে ৷

ৰাজ্যজুৰি কেব বিৰোধী বিক্ষোভ

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰে জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ৷ যোৰহাটতো সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মীয়ে জোৰ সমদল কাৰ্যসূচী হাতত লয় ৷ ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰা দল-সংগঠন, প্ৰতিবাদকাৰীক কঠোৰ হাতৰে দমন কৰা নিৰ্দেশ জাৰি কৰিছে যদিও জাতীয় জীৱনৰ সংকটৰ সময়ত এনে নিৰ্দেশক কানসাৰ নকৰো বুলি মন্তব্য কৰে সংগঠনটোৱে ৷

একেদৰে প্ৰতিবাদত উত্তাল হৈ পৰিছে লখিমপুৰ জিলা । প্ৰতিবাদকাৰীয়ে জিলাখনৰ মালপানী চাৰিআলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাজ্যৰ মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে জোৰ সমদল বাহিৰ কৰে ৷ সমগ্ৰ ৰাজ্যৰ লগতে তিতাবৰ মহকুমা অন্তৰ্গত বেকাজান, হাইলাকান্দি, তিনিচুকীয়াতো আঞ্চলিক ছাত্ৰ সন্থাই জোৰ বাহিৰ কৰে ৷ সমান্তৰালকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে টিংখাঙত বংগীয় অসমীয়া সমাজে বিশাল জোৰ সমদল উলিয়াই ৷ এই ক্ষেত্ৰত পিচপৰি ৰোৱা নাই অসম মিঞা (অসমীয়া) পৰিষদৰ নগাঁও জিলা সমিতি ৷ চৰকাৰ বিৰোধী শ্লগানেৰে সংগঠনটোৱে উত্তাল কৰি তোলে বটদ্ৰৱাৰ ৰাজপথ ৷

ৰাজ্যজুৰি কেব বিৰোধী বিক্ষোভ
লগতে পঢ়ক'কেব' নামানে অসমীয়াইঃ দেহৰ শেষ টোপাল তেজ থকালৈ যুঁজি যোৱাৰ হুংকাৰ

ABOUT THE AUTHOR

...view details