গুৱাহাটী, 3 ডিচেম্বৰঃ নতুন বৰ্ষতো সলনি নহ’ল নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ ভাষা ৷ ৰাজ্যৰ ভিন্ন ঠাইত অব্যাহত আছে প্ৰতিবাদ ৷ মহানগৰীৰ গুৱাহাটী ক্লাৱত চি.পি.আই (এম) দলৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী জনসভা । প্ৰতিবাদী জনসভাত অংশগ্ৰহণ কৰি কেন্দ্ৰৰ বিজেপি দলক তীব্ৰ সমালোচনা কৰে চি.পি.আই (এম) দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে। বিজেপিয়ে দেশত বিভাজনৰ ৰাজনীতি কৰিব বিচাৰিছে বুলি মন্তব্য প্ৰকাশ কৰে সীতাৰাম য়েচুৰীয়ে। লগতে বিজেপিয়ে এন.আৰ.পিৰ পিচত দেশত এন.আৰ.চি প্ৰস্তুত কৰি তাৰ পৰা নাম বাদ পৰা নাগৰিকসকলৰ ভিতৰত হিন্দু সকলক নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰি মুছলমান সকলক দেশৰ পৰা বিতাড়িত কৰিব বিচাৰিছে বুলি মন্তব্য কৰে ৷
আনহাতে, বিজেপিয়ে হিন্দু ৰাষ্ট্ৰ গঠন আৰু নিজৰ ভোট বেংকৰ স্বাৰ্থত হিন্দু সকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে ৷ ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ আৰু নাগৰিকত্ব সংশোধনী আইন ভাৰতৰ সংবিধানৰ বিপৰীত। য়েচুৰীয়ে লগতে কয় যে, বিজেপিয়ে যদি অন্য দেশত নিৰ্যাতিত ব্যক্তি সকলক নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে তেন্তে শ্ৰীলংকাত নিৰ্যাতিত হৈ থকা ভাৰতত শৰণাৰ্থী হিচাপে থকা লোকসকলক এই আইনৰ জৰিয়তে কিয় নাগৰিকত্ব প্ৰদান কৰা নাই, ম্যানমাৰত নিৰ্যাতিত হোৱা ৰোহিঙীয়া মুছলমানসকলক বিজেপিয়ে কিয় নাগৰিকত্ব প্ৰদান কৰা নাই। বিজেপিয়ে আচলতে ভাতৰবর্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে গঠন কৰিবলৈ অকল অন্য দেশৰ হিন্দু সকলক নাগৰিকত্ব প্ৰদানৰ চেষ্টা চলাইছে। বিজেপিয়ে ক্ষমতাৰ স্বাৰ্থত দেশত বিভাজনৰ ৰাজনীতি কৰাৰ বাবে সম্প্ৰদায়িকতাৰ সৃষ্টি কৰিছে বুলিও মন্তব্য কৰে য়েচুৰীয়ে।