লখিমপুৰ, ২৫ মাৰ্চঃ ১১ এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন । অন্তিম দিনৰ দিনাই লখিমপুৰ লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাই আহিল উবেদুৰ ৰহমান কাচিমি নামৰ এগৰাকী মৌলানা । নতুনকৈ আত্মপ্ৰকাশ কৰা অসম জন মৰ্চা নামৰ এটা আঞ্চলিক দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব উবেদুৰ ৰহমান কাচিমিয়ে ।
লখিমপুৰত ব্যতিক্ৰমী প্ৰতিশ্ৰুতিৰে মনোনয়ন পত্ৰ দাখিল এগৰাকী প্ৰাৰ্থীৰ - লখিমপুৰ
পূজাৰী, নামঘৰীয়া, মৌলানাক চৰকাৰী দৰমহা দিয়াৰ প্ৰতিশ্ৰুতি
![লখিমপুৰত ব্যতিক্ৰমী প্ৰতিশ্ৰুতিৰে মনোনয়ন পত্ৰ দাখিল এগৰাকী প্ৰাৰ্থীৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2795203-986-55f0147b-c6a7-4b94-88b7-362cac3f1fec.jpg)
লখিমপুৰত সমস্যা সমাধানৰ বাবে আহি আছে মৌলানা
লখিমপুৰত সমস্যা সমাধানৰ বাবে আহি আছে মৌলানা
কিন্তু আন প্ৰতিদ্বন্দীৰ বিপৰীতে সাংসদ হিচাপে কিছু ব্যতিক্ৰমী প্ৰতিশ্ৰুতি লৈ আগবাঢ়ি আহিছেমৌলানা গৰাকী। সকলোৰে লগতে পূজাৰী, নামঘৰীয়াৰো চৰকাৰী দৰমহা হ'ব লাগে বুলি দাবী কৰি এই সমস্যা সমাধানৰ পিচতহে আন সমস্যাক গুৰুত্ব দিব বুলি উল্লেখ কৰে মৌলানা গৰাকীয়ে ।
কেৱল সেয়াই নহয়, আঞ্চলিকতাবাদত বিশ্বাসীৰ ভোট নিশ্চিতবুলি উল্লেখ কৰি বিপুল ভোটত জয়ী হোৱাৰ আশাৰেসোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে মৌলানা কাচিমিয়ে ।