লখিমপুৰ, ২১ আগষ্ট : দেওবাৰে লখিমপুৰৰ গ্ৰীনভিউ হোটেলত জিলা বাছ মালিক সন্থাৰ দ্বাৰা আয়োজন কৰা হয় এখন সভাৰ ৷ এই সভাত বাছ মালিকসকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা সমস্যাসমূহৰ ওপৰত বিষদভাবে আলোচনা কৰা হয় (Bus owners review meeting in Lakhimpur)। এই সভাতে জিলা বাছ মালিক সন্থাৰ এখন অস্থায়ী সমিতি গঠন কৰা হয় ।
পুলিন বৰাক সভাপতি আৰু অনন্ত ৰাজখোৱাক সম্পাদক হিচাপে লৈ ৯ জনীয়া উক্ত সমিতিখন গঠন কৰা হয় । পৰৱৰ্তী সময়ত এই সমিতিখন পূৰ্ণাংগ ৰূপত জিলা সমিতি গঠন কৰিব বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, শনিবাৰে আয়োজন কৰা এই সভাত সভাপতিত্ব কৰে প্ৰেমনাথ হাইনাৰীয়ে আৰু উদ্দেশ্য ব্যাখ্যা কৰে অনন্ত ৰাজখোৱাই ।