লখিমপুৰ, ১৩ এপ্ৰিল :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছত ৰাজ্যত দালাল ৰাজৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আৰক্ষী-প্ৰশাসন ৷ আৰক্ষীয়ে বিগত সময়ত ধাৰাবাহিকভাৱে অভিযান চলাই বহু দালালক আটক কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে দালালৰ পৰা আঁতৰত থকাৰ বাবে ৰাজ্যৰ জনসাধাৰণকো আহ্বান জনায় ৷
ৰাজ্যত দালালৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰখাৰ সময়তে এতিয়াও একাংশ দালালে অব্যাহত ৰাখিছে তেওঁলোকৰ কাৰ্যকলাপ । লখিমপুৰ আৰক্ষীয়ে বুধবাৰে তেনে এটা চাকৰি দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(One broker arrested in Lakhimpur) । ধৃত দালালটোৱে আৰক্ষী বিভাগত চাকৰি দিয়াৰ বাবদ প্ৰাৰ্থীৰ পৰা ফোনত ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷