লখিমপুৰ, 25 অক্টোবৰ: আৱতৰীয়া বানত পুনৰ বিধস্ত হ’ল লখিমপুৰ (Flood in Lakhimpur)৷ লখিমপুৰত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে ৰঙানদীয়ে ৷ মঙলবাৰে দুপৰীয়াৰ পৰা ৰঙানদীত নীপকোৱে প্ৰকল্পৰ পানী মোকোলাই দিয়াৰ ফলত নদীখনে বলীয়া ৰূপ ধাৰণ কৰি নৈপৰীয়া অঞ্চলত তাণ্ডৱ সৃষ্টি কৰিছে (Ranganodi flood in Lakhimpur)৷ বিশেষকৈ লখিমপুৰৰ চকুলোখ্যাত ৰঙানদীৰ পাৰত থকা অঞ্চলসমূহত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে ৷
নীপকোৱে প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত ৰুদ্ৰ মূৰ্তি ধাৰণ কৰা নদীখনে পাচনৈ অঞ্চলক বিধ্বস্ত কৰা উপৰি নামনিৰ দিশে দুখনকৈ দলং উটুৱাই নিয়ে ৷ স্থানীয় ৰাইজে গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰা খাৰকাটি ফটাসূতি ঘাটৰ বাঁহৰ দলংখন নদীৰ প্ৰবল সোতে উটুৱাই লৈ যোৱাৰ খন্তেক পাছতে খাৰকাটি বালিগাঁও ঘাটৰ কাঠৰ দলংখনো উটুৱাই নিয়ে (Bridge broke cause of flood at Ranganodi ) ৷
উল্লেখ্য যে স্থানীয় ৰাইজে গাঁঠিৰ ধনেৰে প্ৰায় তিনি লাখ টকা ব্যয় কৰি যোৱা ২১ অক্টোবৰত এই কাঠৰ দলংখন নিৰ্মাণ সম্পূর্ণ কৰিছিল ৷ লঘু যান-বাহন পাৰ হ’ব পৰাকৈ নিৰ্মাণ কৰা এই দলং খন উটুৱাই নিয়াৰ ফলত ৰাইজৰ বিস্তৰ ক্ষতিৰ লগতে যোগাযোগ ব্যবস্থা ব্যাহত হৈ পৰিছে ৷ আনহাতে লখিমপুৰত ৰঙানদীয়ে এনে সংহাৰ মুৰ্তি ধাৰণ কৰাৰ পাছতো নীপকোৱে কেৰেপ কৰা নাই ৷