গুৱাহাটী, ৩০ জুন:শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত "এগৰাকী বিশেষ ব্যক্তি" নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় । বিশিষ্ট সাহিত্যিক লক্ষীনন্দন বৰাই এই গ্ৰন্থ খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ।
গুৱাহাটী প্ৰেছ ক্লাৱত "এগৰাকী বিশেষ ব্যক্তি" শীৰ্ষক গ্ৰন্থ উন্মোচন
বিশিষ্ট গল্পকাৰ, নাট্যকাৰ তথা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অন্যতম বিষয়া জ্যোতি প্ৰসাদ শইকীয়াৰ কৰ্ম দক্ষতা, সাংস্কৃতিক দিশলৈ দিয়া অৱদানৰ ওপৰত গ্ৰন্থখন সম্পাদনা কৰিছে খগেন মেধিয়ে ।
বিশিষ্ট গল্পকাৰ নাট্যকাৰ তথা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অন্যতম বিষয়া জ্যোতি প্ৰসাদ শইকীয়াৰ কৰ্ম দক্ষতা, সাংস্কৃতিক দিশলৈ দিয়া অৱদানৰ ওপৰত গ্ৰন্থখন সম্পাদনা কৰিছে খগেন মেধিয়ে । অসমৰ কেইবাগৰাকী লেখকৰ উপৰিও পশ্চিম বংগ আৰু অন্য ৰাজ্যৰ লেখকেও এই গ্ৰন্থ খনত বাংলা আৰু ইংৰাজী ভাষাত প্ৰবন্ধ সমূহ সন্নিবিষ্ট কৰিছে । এই গ্ৰন্থখন জ্যোতি প্ৰসাদ শইকীয়াৰ আত্মজীৱনী অথবা অভিনন্দন সূচক গ্ৰন্থ নহয়, বৰঞ্চ তেওঁৰ গুণ-গৰিমাৰে ভৰপূৰ এখন প্ৰবন্ধ সংকলন । এই গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট সাংবাদিক অজিত ভূঞা, হেমেন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।