লখিমপুৰ,২০ ছেপ্টেম্বৰ: লখিমপুৰত ৪২ ৰ স্বাধীনতা আন্দোলনত প্ৰাণ বিসৰ্জন দিয়া ১৬ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন । ১৯৪২ ৰ ২০ ছেপ্টেম্বৰত স্বাধীনতা আন্দোলনত ঢেকীয়াজুলি আৰু গহপুৰত দেশৰ হকে প্ৰাণাহুতি দিয়া ১৬ গৰাকী শ্বহীদৰ প্ৰতি বুধবাৰে সন্ধ্যা লখিমপুৰৰ ত্যাগ ক্ষেত্রত আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হয় । মংগলবোধ জাগৰণ কেন্দ্র, লখিমপুৰ জিলা যোগী সন্মিলনীৰ উদ্যোগত আৰু লখিমপুৰ প্ৰেছ ক্লাবৰ সহযোগত নগৰৰ ত্যাগ ক্ষেত্রত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অনুষ্ঠিত কৰা হয় ।
সঞ্জীব উপাধ্যায়ে আঁত ধৰা অনুষ্ঠানটোত লখিমপুৰৰ বিশিষ্ট ব্যক্তিসকলে শ্বহীদ মনবৰ নাথ, কুমলী দেৱী, খহুলী দেবী, কনিকা দেৱী, মণিৰাম কছাৰী, মহীৰাম কোচ, মংগল কুৰ্মী, তিলেশ্বৰী বৰুৱা, ৰতন কছাৰী, লেৰেলা কছাৰী, দয়াল দাস পানিকা, সৰু নাথ চুতীয়া, কৰ্ক গড়, ছোট নাথ, কনকলতা বৰুৱা, আৰু মুকুন্দ কাকতিলৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সকলোৱে অনুষ্ঠানটোত বীৰ শ্বহীদসকলৰ ত্যাগ আৰু আদৰ্শক স্মৰণ কৰে ।