লখিমপুৰ, 15 এপ্ৰিল: লঠঙা বিৰিখৰ মাজেৰে বসন্তৰ বোকোচাত আকৌ আহিছে ৰাঙলী বহাগ (Rongali bihu celebration in Assam) । চৌদিশে এতিয়া ঢোলৰ গুমগুমনি, আপোন বহাগৰ ৰং আনন্দত এতিয়া ৰাইজৰ হিয়া নধৰা হৈছে । কুলিৰ মাতত নাচনীৰ মন চঞ্চলা হৈ পৰিছে । ঢুলীয়াৰ দুহাতত ঢোলৰ ছন্দ ঢোলৰ ছেৱত নাচনী উৰিছে পখিলা হৈ ।
আজি পহিলা বহাগ অৰ্থাৎ মানুহ বিহু ৷ সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো উদযাপন কৰা হৈছে বোকা বিহু (Boka Bihu celebration in Lakhimpur) । পুৱাই লখিমপুৰ জিলাৰ পথালিপাহাৰৰ নপমুৱা গাঁৱৰ ৰাইজে বোকা বিহু খেলিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে ৷ ইজনে সিজনৰ গাত বোকা লগাই পৰম্পৰাগতভাৱে উদযাপন কৰিলে বোকা বিহু (Assamese Festival) ।