লখিমপুৰ,6 এপ্ৰিল : ব'হাগ কেৱল এটি মাহ নহয়, অসমীয়া জাতিৰ বাবে ব'হাগ হৈছে আয়ুস ৰেখা ৷ বছৰ বাগৰি আকৌ আহিছে ব'হাগ ৷ কপৌ, নাহৰ,তগৰৰ সুবাস সানি, কুঁহি পাতৰ ন সাজেৰে সাজি প্ৰকৃতি সাজু হৈছে অসমীয়া জাতিৰ আয়ুস ৰেখা ব'হাগক আদৰিবলৈ । ৷ কিন্তু অসমৰ গাঁৱে ভূঞে এতিয়া নাই ব'হাগৰ আনন্দ । মহামাৰীৰ আতংকত ঘৰৰ ভিতৰতে বন্দী অসমীয়া সমাজত এইবাৰ নাই বিহুৰ উচাহ । মহামাৰী কৰ'ণা ভাইৰাছে চিন্তিত কৰিছে প্ৰতিটো পৰিয়ালক । পূৰ্বৰ দৰে এইবাৰ ব্যস্ততা নাই শিপিনী, গৃহিনী, অথবা খোপাত কপৌ গুজি ঢোলৰ ছেৱত কঁকাল ঘুৰাই বিহু নচা নাচনীৰ । কাৰণ গাঁৱে গাঁৱে এতিয়া কৰণাৰ আতংক ।
নঙলা মুখৰ পৰা বাহিৰ ওলাবলৈ এতিয়া ভয় গাঁৱৰ ডেকা বুঢ়া,জীয়ৰী বোৱাৰীৰ । চৰকাৰ নীতি নিৰ্দেশনা মানি এতিয়া গৃহবন্দী জনতা । কৰ'ণাৰ আতংকই চুই গৈছে বহাগত আপোন পাহৰা হৈ পৰা অসমীয়া সমাজক । কাৰোবাৰ ঘৰত তাঁতৰ শালত শিপিনী ব্যস্ত যদিও মনত নাই ৰঙালী ৰং ।