অসম

assam

ETV Bharat / state

বগীনদীৰ খহনীয়াই ভাবুকি মাতিছে ৰতনপুৰলৈ

লখিমপুৰৰ বগীনদীৰ কৰাল গ্ৰাসত ৰতনপুৰ নেপালী গাঁও ৷ নদীখনৰ অব্যাহত থকা খহনীয়াৰ ফলত জাহ যোৱাৰ উপক্ৰম হৈছে গাঁওখন ৷

Boginodi Erosion in Lakhimpur Assam etv bharat news
খহনীয়া অব্যাহত

By

Published : Sep 16, 2020, 8:33 PM IST

লখিমপুৰ,16 ছেপ্তেম্বৰ:খৰস্ৰোতা বগীনদীয়ে কালৰূপ ধাৰণ কৰিছে লখিমপুৰত ৷ বানৰ আতংক হ্ৰাস হোৱাৰ পিছতো ৰাজ্যৰ কোনো কোনো অংশত অব্যাহত আছে প্ৰবল খহনীয়া ৷ লখিমপুৰত বগীনদীৰ খহনীয়াৰ কবলত পৰি উছন হোৱাৰ উপক্ৰম ঘটিছে 2 নং ৰতনপুৰ নেপালী গাঁও ৷ ইতিমধ্যে নৈখনৰ খহনীয়াত জাহ গৈছে কেইবাটাও বাসগৃহৰ লগতে বৃহৎ পৰিমাণৰ কৃষি ভূমি । বৃহত্তৰ অঞ্চলটোৰ ৰাইজক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰক এতিয়া কৰযোৰে আহ্বান কৰিছে গাঁওবাসীয়ে ৷

খহনীয়া অব্যাহত

ABOUT THE AUTHOR

...view details