লখিমপুৰ, ৩ নৱেম্বৰ:লখিমপুৰত পুনৰ সোৱণশিৰিৰ বুকুত অঘটন ৷ বৃহস্পতিবাৰে সন্ধিয়া সময়ত সংঘটিত হয় এক নাও দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে ২২ জন যাত্রীৰ (Boat accident in Lakhimpur) ।
খগাৰ-এচেৰকটা মহৰীঘাটত সংঘটিত হয় এই নাও দুৰ্ঘটনা ৷ এচেৰকটাৰ পৰা খগা অভিমুখে গৈ ঘাটৰ কাষ চপা সময়তে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ জানিব পৰা মতে, নাওখনত ২২ গৰাকী যাত্ৰী আৰু ১২ খন মটৰ চাইকেল আছিল । ইয়াৰে ৩ খন মটৰ চাইকেল সোৱণশিৰিৰ বুকুত ডুব যায় ৷
অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় লোকৰ সহযোগত এই তিনিখন মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অত্যাধিক যাত্ৰী তথা বাহন কঢ়িয়াই নিয়াৰ বাবেই একক ইঞ্জিনযুক্ত এই নাওখন দুৰ্ঘটনাত পতিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷
ইফালে বৃহস্পতিবাৰে পুৱাই জুৰীয়াত সংঘটিত হয় আন এক অঘটন ৷ জুৰীয়াৰ সুঁতিৰপাৰত সংঘটিত হৈছিল এক ভয়ংকৰ নাও দুৰ্ঘটনা (Boat accident in Nagaon)৷ এই নাও দুৰ্ঘটনাত আহত হয় বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰী ৷ টুলুঙা নাৱত শতাধিক ছাত্ৰ-ছাত্ৰীক লৈ এটি সুঁতি পাৰ হওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা ৷
অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত আটাইকেইজন ছাত্ৰ-ছাত্ৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় যদিও কেইবাগৰাকীও ছাত্ৰী অসুস্থ হৈ পৰিছে বুলি জানিব পৰা গৈছে ৷ নাৱৰ মালিকৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত সুঁতিৰপাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷
আনহাতে বিগত কিছুদিন পূৰ্বে জোনাইতো সংঘটিত হৈছিল আন এক শোকাৱহ নাও দুৰ্ঘটনা (Boat accident at Jonai) ৷ লালি আৰু চিয়াং নদীৰ সংযোগস্থলত সংঘটিত হৈছিল এই নাও দুৰ্ঘটনাটো ৷ নাওখনত সাতগৰাকী যাত্ৰী আছিল যদিও ছয়গৰাকী যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ জোনাই চিমেন চাপৰিৰ কাংকান চাপৰিত সংঘটিত হৈছে এই ঘটনাটো ৷
মনকৰিবলগীয়া যে, ৰাজ্যত ইটোৰ পিছত সিটোকৈ সঘনে সংঘটিত হৈ আছে নাও দুৰ্ঘটনা (Boat accident in Assam) । মেদৰতাৰী, উত্তৰ গুৱাহাটী আৰু মাজুলীৰ নাও দুৰ্ঘটনা আজিপৰ্যন্ত মানুহৰ মনত সজীৱ হৈ আছে ৷ ইমানৰ পিছতো আভ্যন্তৰীণ জল পৰিবহন বিভাগে চকু মুদা কুলিৰ ভাও ধৰি আছে তাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল ।
লগতে পঢ়ক:Boat accident at Juria : জুৰীয়াত নাও দুৰ্ঘটনা, আহত বহু শিক্ষাৰ্থী