লখিমপুৰ,10 ডিচেম্বৰঃৰাজ্যত ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰিছে কেব বিৰোধী আন্দোলনে ৷ 9 ডিচেম্বৰৰ মাজনিশা লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছত 10 ডিচেম্বৰৰ পুৱাৰে পৰা প্ৰতিবাদত স্তব্ধ হৈছে ৰাজ্য,অচল হৈ পৰিছে জন-জীৱন ৷
লখিমপুৰত আছুৰ ৰক্ত সংকল্প
কেবৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ লোকসভাত কেব গৃহীত হোৱাৰ পাছতে প্ৰতিবাদত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জন জীৱন ৷ লখিমপুৰত তেজেৰে শ্ল'গান লিখি কেবৰ বিৰুদ্ধে সংকল্প গ্ৰহণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই ৷
তেজেৰে কেব বিৰোধী শ্ল'গান লিখিলে আছুৱে