অসম

assam

ETV Bharat / state

স্বেচ্ছাসেৱী সংস্থা অভিযাত্ৰীৰ ব্যতিক্ৰমী পদক্ষেপ - হাৰমটি উচ্চতৰ মাধ্যমিক বিদ্যালয়

লখিমপুৰ জিলাৰ বৃহত্তৰ নাওবৈচা অভিযাত্ৰী স্বেচ্ছাসেৱী অনুষ্ঠানৰ ব্য়তিক্ৰমী পদক্ষেপ ৷ দৰিদ্ৰ জনসাধাৰণৰ সহায় হোৱাকৈ মুকলি কৰিলে অভিযাত্ৰী নামৰ ৰক্ত যোগান মঞ্চ ।

Blood donation camp organised Abhijatri Oragnization in Lakhimpur District
স্বেচ্ছাসেৱী অনুষ্ঠান অভিযাত্ৰীৰ ব্যতিক্ৰমী পদক্ষেপ

By

Published : Aug 16, 2020, 7:50 PM IST

নাওবৈচা, 16 আগষ্ট :দেশবাসীয়ে অনুষ্টুপীয়াকৈ পালন কৰা 74 সংখ্যক স্বাধীনতা দিৱসৰ দিনাই অভিযাত্ৰী স্বেচ্ছাসেৱী অনুষ্ঠানৰ ব্য়তিক্ৰমী পদক্ষেপ ৷ দৰিদ্ৰ জনসাধাৰণৰ সহায় হোৱাকৈ অনুষ্ঠানটোৱে মুকলি কৰিলে ৰক্ত যোগান মঞ্চ ৷

লখিমপুৰ জিলাৰ বৃহত্তৰ নাওবৈচা অঞ্চলত শিক্ষা, সাংস্কৃতিক, অৰ্থনৈতিক, সামাজিক আৰু নাটকৰ দিশত অগ্ৰণী ভূমিকা লৈ অহা অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান অভিযাত্ৰীয়ে স্বাধীনতা দিৱসৰ দিনা অঞ্চলটোৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে কিছু ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে ৷ 'মানুহে মানুহৰ বাবে' এই আপ্ত বাক্য শাৰী আগত লৈ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে নাওবৈচাৰ দৰিদ্ৰ জনসাধাৰণৰ সহায় হোৱাকৈ মুকলি কৰিলে অভিযাত্ৰী নামৰ ৰক্ত যোগান মঞ্চ । এই উদ্দেশ্য নাওবৈচা মডেল প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অভিযাত্ৰী ৰক্ত যোগান মঞ্চখনৰ শুভ উদ্ধোধন কৰে নাওবৈচাৰ বিশিষ্ট অভিনেতা প্ৰভাত শৰ্মাই ।

স্বেচ্ছাসেৱী অনুষ্ঠান অভিযাত্ৰীৰ ব্যতিক্ৰমী পদক্ষেপ

উদ্ধোধনী ভাষণত শৰ্মাই অভিযাত্ৰীৰ এই মহান পদক্ষেপ শলাগ লোৱাৰ লগতে অঞ্চলটো দৰিদ্ৰ লোকসকলে ৰক্ত যোগান মঞ্চৰ পৰা বহু উপকৃত হ'ব বুলি মন্তব্য কৰে । স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সভাপতি ৰাকেশ বৰাই অভিযাত্ৰীৰ লক্ষ্য, উদ্দেশ্যে আৰু ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে আলোকপাত কৰাৰ লগতে অঞ্চলটোত অনুষ্ঠানটোৱে কৰি অহা সামাজিক আৰু অৰ্থনৈতিক কাম সমূহৰ সন্দৰ্ভতো অৱগত কৰে । শংকৰজ্যোতি নাথে আঁতধৰা অনুষ্ঠানটোত নাওবৈচা মহাবিদ্যালয় অধ্যক্ষ ডঃ দিলীপ হাজৰিকা, নাট্যকৰ্মী জীৱন বৰুৱা, লখিমপুৰ ডায়েটৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা লক্ষ্মী নাথ, হাৰমটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন বিষয় শিক্ষক ব্ৰজেন বৰা, সমাজকৰ্মী দিলীপ কাকতি উপস্থিত থাকি অভিযাত্ৰী এই মহান পদক্ষেপক শলাগ লোৱাৰ লগতে অনুষ্ঠানক ৰাইজৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ।

আনহাতে, অনুষ্ঠানটোতে অঞ্চলটোৰ তিনিজন ক্ষুদ্ৰ যুৱ ব্যৱসায়ীক তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবৰ কাৰণে এককালীন আৰ্থিক সাহাৰ্য আগবঢ়ায় । অনুষ্ঠানটোত অভিযাত্ৰীৰ উপদেষ্টা ৰবীন শৰ্মা , সদস্য ৰঞ্জিত বৰা, জগত বৰুৱা, অচিন্ত নাথে সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক : পুলৱামাত উগ্ৰপন্থীয়ে হত্যা কৰিলে স্থানীয় নাগৰিকক

ABOUT THE AUTHOR

...view details