বিহপুৰীয়া,27ডিচেম্বৰঃ ৰক্তদান জীৱনদান। এই বাক্যশাৰী আগত ৰাখি আগবঢ়া প্ৰতিগৰাকী লোকেই একো একোজন জীৱনদাতা । কাৰোবাৰ এটোপাল তেজে বচাব পাৰ আনজনৰ জীৱন । সেয়েহে বহু ব্যক্তি তথা স্বেচ্ছাসেৱী সংস্থাই বিভিন্ন সময়ত কৰি আহিছে ৰক্তদান । দেওবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ব্যক্তিগত বেংকিং প্ৰতিষ্ঠান অন্নপূৰ্ণা ফাইনেঞ্চ প্ৰাইভেট লিমিটেডৰ ৩০সংখ্যক বৰ্ষপূতি উপলক্ষে ৰূপায়ণ কৰা হয় এক ৰক্তদান কাৰ্যসূচী । নাৰায়ণপুৰ নগৰস্থিত কৰ্মচাৰী পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰক্তদান শিবিৰটোত লখিমপুৰ জিলা চিকিৎসালয়ৰ ৰক্তভঁৰালৰ স্বাস্থ্যকৰ্মীসকলে ৰক্তদাতা সকলৰ পৰা তেজ সংগ্ৰহ কৰে । প্ৰতিগৰাকীকে ক'ভিড টেষ্ট কৰি ৰক্ত লোৱা শিৱিৰটোত প্ৰায় ৩০ জনৰো অধিক ৰক্তদাতাই ৰক্তদান কৰে ।
অন্নপূৰ্ণা ফাইনেঞ্চ প্ৰাইভেট লিমিটেডৰ উদ্যোগত নাৰায়ণপুৰত ৰক্তদান শিবিৰ - ৰক্তভঁৰাল
দেওবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ব্যক্তিগত বেংকিং প্ৰতিষ্ঠান অন্নপূৰ্ণা ফাইনেঞ্চ প্ৰাইভেট লিমিটেডৰ ৩০সংখ্যক বৰ্ষপূতি উপলক্ষে ৰূপায়ণ কৰা হয় এক ৰক্তদান কাৰ্যসূচী। নাৰায়ণপুৰ নগৰস্থিত কৰ্মচাৰী পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰক্তদান শিবিৰটোত লখিমপুৰ জিলা চিকিৎসালয়ৰ ৰক্তভঁৰালৰ স্বাস্থ্যকৰ্মীসকলে ৰক্তদাতা সকলৰ পৰা তেজ সংগ্ৰহ কৰে।

ইপিনে, এই ৰক্তদান কাৰ্যসূচীত ৰাজ্যৰ অন্যতম এটা স্বেচ্ছাসেৱী সংস্থা টিম হিউমেনটিয়ে সহযোগিতা আগবঢ়ায় । টিম হিউমেনটিৰ হৈ ৰাজ্যিক মুখপাত্ৰ দেৱৰাজ বৰাই কেইবাজনো ৰক্তদাতা যোগাৰ কৰাৰ লগতে কাৰ্যসূচীত সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়ায় । আনহাতে, অনুষ্ঠানত নাৰায়ণপুৰ শাখাৰ শাখা পৰিচালক দিম্পল দিহিংগীয়া, ইউনিট মেনেজাৰ মৃণাল হালৈ, লালুক শাখাৰ শাখা পৰিচালক চিন্টু কুমাৰ চাহু,গহপুৰ শখাৰ শাখা পৰিচালক বনজিৎ বৰ্মনকে ধৰি বহু লোক উপস্থিত থাকে ৷
লগতে পঢ়কঃগৃহমন্ত্ৰী অমিত শ্বাহৰে ৰুদ্ধদ্বাৰ বৈঠক অজন্তা নেওগ-ৰাজদ্বীপ গোৱালাৰ