অসম

assam

ETV Bharat / state

Blanket distribution in Lakhimpur: লখিমপুৰত দৰিদ্ৰ লোকক শীতৰ বস্ত্র বিলালে সেউজীয়া লখিমপুৰে - Blanket distribution in Lakhimpur by NGO

শীতৰ প্ৰকোপ বৃদ্ধি পাই অহালৈ লক্ষ্য কৰি লখিমপুৰত কম্বল বিতৰণ কৰিলে স্বেচ্ছাসেৱী এটি সংগঠনে (Blanket distribution in Lakhimpur)৷ শীতত কোঙা হৈ পৰা দৰিদ্ৰসকলে শীত নিবাৰণৰ বাবে হাতত একোখন নতুন কম্বল পাই মুখত হাঁহি বিৰঙি উঠা পৰিলক্ষিত হয় ।

Blanket distribution in Lakhimpur
লখিমপুৰত দৰিদ্ৰ লোকক শীতৰ বস্ত্র বিলালে সেউজীয়া লখিমপুৰে

By

Published : Jan 1, 2023, 3:48 PM IST

লখিমপুৰ, ১ জানুৱাৰী: এদেও দুদেওকৈ ৰাজ্যত নামিছে শীত । ক্ৰমে বাঢ়িছে শীতৰ প্ৰকোপ । কিন্তু শীতে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে দৰিদ্ৰসকলৰ মাজত ৷ শীতৰ সেমেকা নিশা দৰিদ্ৰ লোকসকলে কেনেদৰে প্ৰৱল প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হয় সেই ছবিখন সুন্দৰভাৱে প্ৰতিফলিত হৈ উঠে ড৹ ভূপেন হাজৰিকাৰ গীতত । বৰ্তমান ৰাজ্যৰ চহৰে-নগৰে সুলভ হৈ পৰিছে সেই বেদনাদায়ক চিত্ৰখন ৷

আৰ্থিকভাৱে টনকিয়ালসকলে উমাল বস্ত্রৰে শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পোৱাৰ প্ৰয়াস কৰিছে । অৱশ্যে এনেহেন শীতৰ নিশাও ফুটপাথত কঁপি কঁপি উজাগৰী নিশা কটাবলগীয়াত পৰিছে দৰিদ্ৰ-আশ্ৰয়বিহীন লোকসকলে । এনে বেদনাদায়ক দৃশ্য প্ৰত্যক্ষ কৰি বহু সময়ত বিভিন্ন দল-সংগঠনে এনে লোকসকলৰ কাষত থিয় হোৱা পৰিলক্ষিত হয় ৷ লখিমপুৰত নৱবৰ্ষৰ প্ৰথম দিনটোতে এইসকল লোকৰ সহায়ৰ বাবে আগবাঢ়ি আহে এটি স্বেচ্ছাসেৱী সংগঠন ৷ স্বেচ্ছাসেৱী সংগঠনটোৰ নাম সেউজীয়া লখিমপুৰ (Blanket distribution in Lakhimpur by NGO)।

লখিমপুৰত দৰিদ্ৰ লোকক শীতৰ বস্ত্র বিলালে সেউজীয়া লখিমপুৰে

সংগঠনটোৰ সদস্যসকলে নগৰখনৰ পদপথত থকা আৰ্তজনৰ মাজত নৱবৰ্ষৰ পূৱা কম্বল বিতৰণ কৰে (Blanket distribution in Lakhimpur) । শীতৰ প্ৰকোপ বৃদ্ধি হোৱাৰ বাবে মন্দিৰৰ কাষত বহি থকা দুখীয়া ,মানসিকভাৱে অসুস্থ হৈ পদপথত থকা লোক সকলক একোখন কৈ কম্বল বিতৰণ কৰে সংগঠনটোৱে । উল্লেখযোগ্য প্ৰতি বছৰৰ দৰে এই বছৰো ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটো আৰ্তজনৰ মাজত উমাল বস্ত্র বিতৰণ কৰা দেখা গ‘ল ''সেউজীয়া লখিমপুৰ '' নামৰ বেচৰকাৰী সংস্থাটোৱে ।

এই কম্বল বিতৰণী অনুষ্ঠানত উপস্থিত থাকি সহায় সহযোগ কৰে LICৰ উত্তৰ লখিমপুৰ শাখাৰ প্ৰৱন্ধক পৰিমল কাৰদং আৰু 'জাফা' ৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকৰ লগতে বেচৰকাৰী সংস্থাটোৰ সদস্যসকল । সকলোৱে উমাল বস্ত্র লৈ শেতেলীত সুখ নিদ্ৰাত থকাৰ সময়তে নগৰ চহৰত আৰ্তজনে হাঁড় কপোৱা শীতত কঁপি থাকিবলগীয়া হয় । দৰিদ্ৰ লোকসকলৰ এই বেদনা অনুভৱ কৰিয়েই এই লোকসকলৰ কাষত থিয় হয় ''সেউজীয়া লখিমপুৰ '' নামৰ বেচৰকাৰী সংস্থাটো ৷ শীতত কোঙা হৈ পৰা দৰিদ্ৰসকলে শীত নিবাৰণৰ বাবে হাতত একোখন নতুন কম্বল পাই মুখত হাঁহি বিৰঙি উঠা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :Rahul Gandhi should be Congress PM candidate : প্ৰধানমন্ত্ৰী পদৰ বাবে ৰাহুল গান্ধী যোগ্য প্ৰাৰ্থী;ভূপেশ বাঘেল

ABOUT THE AUTHOR

...view details