অসম

assam

ETV Bharat / state

ঘোং দেখি পিলাই চমকিছে লখিমপুৰীয়া ৰাইজৰ - Black panther in Lakhimpur

লখিমপুৰ নগৰৰ সমীপৰ মাহৰা পথাৰত ওলাইছে এটা ঘোং । এটা পুখুৰীৰ পাৰত শুই থকা অৱস্থাত কেইবাবাৰো প্ৰত্যক্ষ কৰিছে ৰাইজে ।

Black panther in Lakhimpur
ঘোং দেখি পিলাই চমকিছে লখিমপুৰীয়া ৰাইজৰ

By

Published : Jan 21, 2022, 9:56 AM IST

লখিমপুৰ, ২০ জানুৱাৰী :ঘোঙৰ আতংকই বিৰাজ কৰিছে লখিমপুৰ নগৰৰ দাঁতিকাষৰীয়া অঞ্চলত (Black panther menace in Lakhimpur)। যোৱা ৫ দিন ধৰি এই আতংকৰ সৃষ্টি হৈছে লখিমপুৰত ৷ লখিমপুৰ নগৰৰ সমীপৰ মাহৰা পথাৰত ওলাইছে এটা ঘোং । এটা পুখুৰীৰ পাৰত শুই থকা অৱস্থাত কেইবাবাৰো ঘোংটো প্ৰত্যক্ষ কৰিছে ৰাইজে । যোৱা শনিবাৰৰ পৰাই ঘোংটোৰ উপস্থিতি প্ৰত্যক্ষ কৰা হৈছে (Black panther in Lakhimpur)।

এই পৰ্যন্ত কোনো জীৱ-জন্তুক ঘোংটোৱে আক্রমণ কৰা নাই যদিও বৃহত্তৰ অঞ্চলটোত আতংকই বিৰাজ কৰিছে । উল্লেখ্য যে, উক্ত পথাৰখনৰ মাজত এজন লোকৰ এটা মীন পালন পুখুৰীসহ আছে এখন পাম । এই পাম খনৰ পুখুৰীৰ পাৰত শুই থকা অৱস্থাত ঘোংটোক বহুবাৰ দেখা পোৱা গৈছে । পথাৰ খনৰ মাজত কেইবাখনো ডাঙৰ হাবি আছে । সেই হাবিতে ঘোংটো লুকাই থাকি পানীখাবলৈ পুখুৰীটোলৈ আহে বুলি ধাৰণা কৰা হৈছে ।

বন বিভাগে ইতিমধ্যে ঘোংটোক ধৰিবৰ বাবে পুখুৰীটোৰ পাৰত পিঞ্জৰা স্থাপন কৰিছে ।


লগতে পঢ়ক : পুৰণিগুদামলৈ আহি হঠাৎ কিয় খং উঠিল মন্ত্ৰী সঞ্জয় কিষাণৰ ?

ABOUT THE AUTHOR

...view details