নাওবৈচা, 22 ছেপ্তেম্বৰ: লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অধীনস্থ উত্তৰ লালুক গাঁও পঞ্চায়তৰ বিজেপি দলৰ সভাপতি বিজু শইকীয়াৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱক লৈ যোৱা তিনি মাহে পঞ্চায়তখনত অচলাৱস্থা চলি থকাৰ মাজতে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ ইয়াৰ মাজতে মঙলবাৰে বিজু শইকীয়াৰ সপক্ষে ওলাই আহিল পঞ্চায়তখনৰ দুই শতাধিক প্ৰতিবাদকাৰী৷ উল্লেখ্য যে,এই বিষয়টোত জড়িত থকাৰ অভিযোগত বিজু শইকীয়াৰ সপক্ষে ওলাই অহা ৰাইজৰ লগতে একাংশ বিজেপি দলৰে কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ কাৰ্যনিবাহক সদস্য ৰাও গজেন্দ্ৰ সিঙৰ বিৰুদ্ধে ৷ জানিব পৰা মতে,ৰাও গজেন্দ্ৰ সিঙৰ নেতৃত্বত আৰু চাৰিজন কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰৰ সহযোগত বিজু শইকীয়াৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱক লৈ বিগত তিনি-চাৰি মাহে উত্তাল হৈ আছে আছে উত্তৰ লালুক গাঁও পঞ্চায়ত ৷ উল্লেখ্য যে,উচ্চ ন্যায়ালয়ে বিজু শইকীয়াৰ সপক্ষে স্থগিতাদেশ দিছিল যদিও অনাস্থাকাৰীয়ে পুনৰ উচ্চ ন্যায়ালয়ৰ কাষ চপাত স্থগিতাদেশ বাতিল কৰে ন্যায়ালয়ে ৷
উত্তৰ লালুক গাঁও পঞ্চায়তত বিজেপি কৰ্মীৰ প্ৰতিবাদ - BJP workers protest at North Laluk panchayat
উত্তৰ লালুক গাঁও পঞ্চায়তৰ বিজেপি দলৰ সভাপতি বিজু শইকীয়াৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱক লৈ যোৱা তিনি মাহে পঞ্চায়তখনত অচলাৱস্থা চলি থকাৰ মাজতে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ ইয়াৰ মাজতে মঙলবাৰে বিজু শইকীয়াৰ সপক্ষে ওলাই আহিল পঞ্চায়তখনৰ দুই শতাধিক প্ৰতিবাদকাৰী ৷

প্ৰতিবাদকাৰী সকলৰ স্পষ্ট কথা,যিদিনালৈকে বিজু শইকীয়াই সভাপতিৰ আসন ঘূৰাই নাপাব সেইদিনালৈকে পঞ্চায়তখনত প্ৰতিবাদ অব্যাহত থাকিব ৷ ইয়াৰ লগতে ৰাও গজেন্দ্ৰ সিং মূর্দাবাদ,ৰাও গজেন্দ্ৰ সিং গ'বেগ,ৰাও গজেন্দ্ৰ সিঙৰ দাদাগিৰী নচলিব আদি ধ্বনিৰে পঞ্চায়তখনৰ চৌদিশ কিছু সময়ৰ বাবে উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ আনহাতে শীঘ্ৰে এই অনাস্থাৰ বিষয়টো সমাধান নহ'লে সমাগত 2021 চনৰ বিধানসভা নিৰ্বাচনত,নাওবৈচা সমষ্টিৰ বিজেপিৰ দলৰ প্ৰাৰ্থী তালিকাৰ শীৰ্ষত নাম থকা ৰাও গজেন্দ্ৰ সিঙে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰ উপৰিও উত্তৰ লালুক গাঁও পঞ্চায়তৰ 1নং ৱাৰ্ড মেম্বাৰ ধমেশ্বৰ দত্তই হিতাধিকাৰী বাবে অনা অৰুণোদয় আঁচনিৰ আবেদন পত্ৰ ফালি দলিয়াই দিয়া ঘটনাক লৈও প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ এই সন্দৰ্ভত ইতিমধ্যেই লালুক থানাত ৩৮৬/২০২০নম্বৰত এটা গোচৰ ৰজু কৰিছে হিতাধিকাৰীসকলে ৷ উল্লেখযোগ্য যে,সভাপতি বিজু শইকীয়াৰ বিৰুদ্ধে অনাস্থাকাৰী সকলৰ ভিতৰত অন্যতম এজন আছিল ধৰ্মেশ্বৰ দত্ত ৷
লগতে পঢ়কঃ"ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচ"ত অন্তভুক্ত টীয়কৰ বিশ্বজ্যোতিৰ নাম