অসম

assam

ETV Bharat / state

বিজেপি কৰ্মীৰ অতপালিত অতিষ্ঠ বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ

3 আগষ্টৰ সন্ধিয়া বিজেপি নেতা সুনীল হাজৰিকা, জিলা পৰিষদৰ সদস্য ভাস্কৰ হাজৰিকাই একাংশ নেতা-পালিনেতাক লগত লৈ নিৰ্মাণ হোৱা গৃহৰ টিনপাত নিম্নমানৰ হোৱা বুলি অভিযোগ উখাপন কৰে ৷ আনহাতে, বিজেপি এই নেতা কেইগৰাকীৰ বিৰুদ্ধে নাৰায়নপুৰৰ প্ৰতিটো কামৰ কমিচন লোৱাৰো অভিযোগ উখাপন হৈ আহিছে ৷

By

Published : Aug 4, 2020, 4:42 PM IST

BJP WORKER DISHONOURED SATRADHIKAR IN LAKHIMPUR
বিজেপি কৰ্মীৰ অতপালিত অতিষ্ঠ বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ

নাৰায়নপুৰ, 4 আগষ্ট : লখিমপুৰ জিলাৰ নাৰায়নপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰী বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ মহন্তক অপদস্থ একাংশ বিজেপি নেতাৰ ৷ এই অভিযোগ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ন মহন্তৰ ৷ আনকি, সত্ৰাধিকাৰ গৰাকীক ব্যক্তিগত ভাবে অপদস্থ কৰা বুলিও অভিযোগ উখাপন হৈছে ৷

তথ্য অনুসৰি, শ্ৰীশ্ৰী বেলগুৰি সত্ৰত আনটাইড ফাণ্ডৰ 50 লাখ টকাৰ কীৰ্তন ঘৰ নিৰ্মাণৰ কাম চলি আছে ৷ কিন্তু এই নিৰ্মাণ কাৰ্যত অতি নিম্নমানৰ সামগ্ৰী ব্যবহাৰ কৰাৰ অভিযোগ উখাপন কৰি সত্ৰাধিকাৰ গৰাকীক অপদস্থ কৰাৰ অভিযোগ উখাপন হৈছে ৷ 3 আগষ্টৰ সন্ধিয়া বিজেপি নেতা সুনীল হাজৰিকা, জিলা পৰিষদৰ সদস্য ভাস্কৰ হাজৰিকাই একাংশ নেতা-পালিনেতাক লগত লৈ নিৰ্মাণ হোৱা গৃহৰ টিনপাত নিম্নমানৰ হোৱা বুলি অভিযোগ উখাপন কৰে ৷ আনহাতে, বিজেপি এই নেতা কেইগৰাকীৰ বিৰুদ্ধে নাৰায়নপুৰৰ প্ৰতিটো কামৰ কমিচন লোৱাৰো অভিযোগ উখাপন হৈ আহিছে ৷

বিজেপি কৰ্মীৰ অতপালিত অতিষ্ঠ বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ

উল্লেখ্য যে, সত্ৰাধিকাৰ গৰাকীয়ে অশেষ কষ্ট কৰি আনটাইড ফাণ্ডৰ 50 লাখ টকা আৱন্টন কৰি নিৰ্মাণ কৰিছে কীৰ্তনঘৰটো ৷ শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগৰ প্ৰমানস্বৰূপ বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰৰ পৰা কমিচন লোৱাৰ লালসাত বিজেপি নেতা কেই গৰাকীৰ অতপালিত এতিয়া শংকিত হৈ পৰিছে সত্ৰাধিকাৰগৰাকী ৷ আনকি, এইক্ষেত্ৰত স্থানীয় বিধায়ক গৰাকীৰ ভুমিকাও সন্দেহজনক বুলি সত্ৰাধিকাৰ গৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক : বিৰভূমৰ ইটিভি ভাৰতৰ সাংবাদিকৰ বিৰুদ্ধে ৰুজু তিনিটাকৈ গোচৰ

ABOUT THE AUTHOR

...view details